Limited Time offer :) :)

July 7th, 2008
Get this widget | Track details | eSnips Social DNA

কেইবছৰমানৰ মূৰে মূৰে এই ভাল নলগা সময়টো আহে কাৰোবাৰ পৰা বিদায় ল’ব লাগে, কাৰোবাক আকৌ লগ পোৱাৰ সঁচা-মিছা প্ৰতিশ্ৰুতি দিব লাগে ভাব হয়, এতিয়া লগপোৱা মানুহবোৰ যেন কেতিয়াও আঁতৰ নহ’ব চকুৰ সন্মুখৰ পৰা-কিন্তু নাই- সকলো আবেগ-অনুভূতি আওকান কৰি আৰু এটা পৰীক্ষাৰ সময় হয়
আজি ইভাক বিদায় দিলোঁ তাই যেনেকৈ এদিন আহিছিল তেনেকৈয়ে গাড়ীখন চলাই গুছি গ’ল দুইমিনিটমানৰ কাৰণে মোক লগ পাবলৈ আহিলে, আজিও তেনেদৰেই ব্যস্ত-দৌৰাদৌৰি ইভাৰ- যাবলৈ দেৰী হৈ গৈছে তাইৰ
যোৱা কেইবছৰ ইভা মোৰ বহুতো ভাল বেয়া সময়ৰ সংগী হয়তো তাইৰ সহায় আৰু উত্সাহ নোপোৱা হ’লে মোৰ কামেই শেষ নহ’লহেঁতেন

হুৰহুৰাই বৰষুণ দিছে মই তিতি তিতি ৰাস্তাৰ কাষত ৰৈ আছোঁ-ঘৰলৈ সোমালে ইভাৰ আৰু দেৰী হ’ব খেজুৰ গছজোপাই অস্থিৰ বৰষুণজাকক নিয়মীয়া টোপালকিছুমানলৈ সলনি কৰি মোৰ বেগটো তিয়াই দিছে দূৰত দেখিছোঁ ইভাৰ বগা গাড়ীখন- ৱাইপাৰৰ ছন্দিত আহযাহৰ মাজত ইভাৰ মুখখন-খৰখেদাকৈ ইভাৰ কাৰণে অৰ্ডাৰ দি অনোৱা তাইৰ নাম লিখা কফি মাগটোৰ ডাঠ বকলাৰ পেকেটটো তাইৰ গাড়ীৰ পিছৰ ছিটত বহুৱাই দিছোঁ-মাগটোত লিখা আছে-“ইভা নামৰ ছোৱালীজনীঃ যি সদায় ব্যস্ত!” ইভাই কৈছে-“ইমান বৰষুণত তিতিবুৰি থকাতকৈ মই তোমাৰ ঘৰলৈকে যাব পাৰিলোহয়” হাঁহি এটা মাৰিছোঁ-ইভাই যাবলৈ গাড়ী ঘুৰাইছে হঠাতে কিবা এটা মনত পৰি আকৌ আগৰ দুৱাৰখন খুলি ইভাক কৈছোঁ-“তুমি গুছি গ’লেগৈ সঁচাকৈ বেয়া লাগিব” ইভাই স্মিত হাঁহি এটা মাৰি বিদায় লৈছে দুৱাৰখন বন্ধ কৰি দিছোঁ ময়ো কোবাকুবিকৈ ১২ নম্বৰ বাছখন ধৰিবলৈ ঢাপলি মেলিছোঁ ইভাৰ বগা গাড়ীখন ৰাস্তাটোৰ মূৰত নোহোৱা হৈছেগৈ

চেলফ’নত মিছড্ কল এটা ওলাইছে-ইভাৰ বাছৰ শব্দত ৰিং কৰা নুশুনিলোইভাই ভইছ্ মেছেজ এটা এৰিছে “প্ৰিয়ংকু…অ…কি কওঁ…তুমি দিয়া বস্তুটো দেখিলোঁ…ইমান হাঁহি উঠিছে দেখি…বিৰাট ভাল লাগিছে…কি কওঁ…সঁচাকৈ ভাল লাগিছে মই অকলে অকলেই হাঁহি আছোঁ…বহুত ধন্যবাদ…ধন্যবাদ…আকৌ লগ পাম…কেতিয়াবা লগ পাম…”
লাইটাৰটো বিচাৰি জেপটো খুচৰিছোঁ
বৰষুণ দিয়েই আছে, চকুদুটাৰ কোণত অলপ তপত আভাস এটা আকাশলৈ মুৰটো ডাঙি বৰষুণৰ পানীৰে চকুদুটা ধুইছোঁ, সোঁহাতেৰে মুখৰ পানীবোৰ মোহাৰি দিছোঁ আকাশলৈ চাই পঠিয়ালে বৰষুণৰ সৰু সৰু টোপালবোৰো দেখোন কিবা দীঘল শেল যেনহে লাগে!

rain.PNG

“কেন কিছু কথা বলনা…”—বাঃ, কি সুন্দৰ গানটো! সুৰটো সলিল চৌধুৰীৰ হবলা। গানটোৰ আটাইতকৈ ভাললগা অংশটোত এটা “কেৰ…ৰেক”–কোনোবা এটা উঠি গৈছে। “লতা মঙ্গেশকাৰডালে একো গাব-চাব নাজানে, একদম ফাল্টু চিংগাৰ”। অপ্ৰত্যাশিত ঘোষণাটোত আমি সকলোৱে চক্ খাই উঠিলোঁ। নিঃসন্দেহে কৌশিক! মই লতা মঙ্গেশকাৰ সম্পৰ্কীয় মন্তব্যটোত বৰ সুখী নহয় বুলি বুজাবলৈ তাৰ টেঁটুটোত টেপা মাৰি ধৰিলোগৈ, হেমাংগই কিবা এটা ভোৰভোৰালে (হয়তো “ফাল্টুচব ক’ৰবাৰ” জাতীয়), সমুদ্ৰই তাৰ ক্ষীণ ভৰিদু্খন সম্প্ৰসাৰিত কৰি কৌশিকৰ কটিপ্ৰদেশৰ ভাৰকেন্দ্ৰতে এটা প্ৰচণ্ড গোৰ শোধালে। চিৰাচৰিত নিয়মমতে ঘটনাৰ আকস্মিকতাত বেদান্তৰ চকুৱে-মুখে এগালমান প্ৰশ্নবোধক আৰু আশ্চৰ্য্যবোধক চিনৰ সৃষ্টি হ’ল। সি ঘটনাটো বুজিবৰ চেষ্টা কৰিলে।

ই কৌশিকে মাজে মাজে এনেকুৱা একোটাহঁত কমেন্ট দি দিয়ে যে তাৰ ওপৰতনো কি প্ৰতিক্ৰিয়া কৰিব পাৰি ভবাই নাযায়। মহা মস্কিল! আমি কেইটাৰ (আৰু এজন আছে দেই-ৰাজীৱদা, তেওঁৰ প্ৰবেশলৈ অলপ পৰ আছে) চিন্তাবোৰ মোটামুটি একেধৰণৰ, কিন্তূ কৌশিক সদায়েই ব্যতিক্ৰম—অসম্ভৱধৰণে। আমিবোৰে হয়তো এগালমান চাহ-চিংৰা-চিগাৰেটৰ শ্ৰাদ্ধৰ পাছত সিদ্ধান্ত লৈছোঁ—“নাই আৰু নোৱাৰি ৰৈ থাকিব, অসমৰ ভবিষ্যত এতিয়া আমাৰ হাতত। অলপ পঢ়া-শুনাৰ পাছতেই আমি অ’নেষ্টলি অসমৰ ডেভেলপমেন্টৰ বাবে কাম কৰিব লাগিব (সেই সময়ত আকৌ কেইজনমানে আমাক কাকতে পত্ৰই ঘনাই সোঁৱৰাই থাকে—হেৰৌ গৰুহঁত, অ’নেষ্টলি নহয় ‘আউনেস্তলি’হে, ইত্যাদি)। ঠিক সেইমুহুৰ্ত্ততে আমাৰ সকলো উত্তেজনা, দেশপ্ৰেমৰ অন্ত পেলাই কৌশিকে ঘোষণা কৰিছে, “ওঁহো, কৌশিক শইকীয়াই এ.ছি.এছ ল’ব আৰু তামাম পইছা খাব। ডেভেলপমেন্ট-চেভেলপমেন্ট—হু কেয়াৰছ?” আমিও তভক মাৰি ৰওঁ, হেমাংগই ভোৰভোৰায়, বেদান্তই অসহায়ভাৱে ইফালে-সিফালে চায়।

সেইবোৰ দিনতে বেদান্তই অৰ্থনীতি পঢ়ে। আমিও ভালেই পাওঁ, অন্ততঃ আমাৰ গ্ৰুপটোৰ প্ৰত্যেকেই কিবা নহয় কিবা দিশত দেশলৈ বৰঙনি আগবঢ়াব। চাহ-তেলতো আছেই এতিয়া বেদান্তই অৰ্থনীতিৰ দিশটো চাই দিলেই সকলো জাতিচ্কাৰ হ’ব। আমাৰ দৃঢ় বিশ্বাস সি এদিন অসমৰ অৰ্থনৈতিক উন্নয়নৰ চাবি-কঠিপাত উদ্ধাৰ কৰিব আৰু আমাক ক’ব, “হোঁৱা এইপাত, খোলা তলাটো বাপ্পেকে!” (সেইবোৰৰ মাজতে এদিন হেমাংগ আৰু বেদান্তৰ কিবা কথাত কাজিয়া লাগিছে, সৰুফুটীয়া হেমাংগই পাহাৰসদৃশ বেদান্তক ঘুঁচিয়াই তাৰ ওঁঠ ফালি দিছে, তাৰ ওঁঠৰ পৰা ধাৰাসাৰে তেজ ওলাইছে আৰু সি আকৌ এবাৰ হতবাক হৈ গৈছে, তাৰ মুখত আৰু কেইটামান আশ্চৰ্য্যবোধক চিনৰ সৃষ্টি হৈছে। তাহাঁত দুটাৰ সম্বন্ধ নমতা-নমতিৰ পৰ্য্যায় পাইছেগৈ!)

আমাৰ মাজত এদিন আবিৰ্ভাৱ ৰাজীৱদাৰ। আমাতকৈ দুবছৰ ডাঙৰ, কিন্তূ নিজৰ সহপাঠীবোৰক লৈ অসুখী, বিতুষ্ট। আমিও সেই সদায় ‘ৱেলকাম’ ধৰণৰ মানুহ, ৰাজীৱদাক আমাৰ আড্ডাত সুমুৱাই লোৱা হ’ল, নিৰ্বিবাদে। ৰাজীৱদা নিজে আকৌ সম্পাদকলৈ চিঠি লিখা ধৰণৰ সমাজ-সচেতন লোক। হঠাতে এটা ডাঙৰ ‘হেল্ল’’ দি সোমায়হি—লগত নানা আঁচনি। এবাৰ ঠিক কৰা হ’ল—নাঃ, ভাষাটোৰ ইমান অপমান হ’বলৈ দিব নোৱাৰি, চহৰখনৰ কোনোবা ছাইনব’ৰ্ডত যদি লিখা আছে, “ইয়াত ভাত-মাংখ পুৱা যায়”, আমাৰ কাম হ’ব সংস্লিষ্ট ছাইনব’ৰ্ডৰ মালিকক লগ ধৰি ভাষাটো শুদ্ধ কৰিবলৈ খাটনি ধৰা। পাছলৈ অৱশ্যে ছাইনব’ৰ্ডৰ মালিকসকলে শুধৰণিৰ খৰছ আমাৰ পিতৃসকলে দিব নেকি-জাতীয় প্ৰশ্ন কিছুমান কৰাত, সেই অভিযানৰ অকাল কিন্তূ শান্তিপূৰ্ণ সামৰণি পৰিল। আমাৰ আচল কথা হ’ল ৰাজীৱদাক হতাশ কৰিব নোৱাৰি। ‘না’ ক’লে মানুহটোৰ চকু চলচলিয়া হৈ যায়, মাত থোকাথুকি হৈ যায়, মানুহটোৱে ছশমাজোৰ বাৰে বাৰে নিজৰ নাকত সংস্থাপিত কৰাৰ কছৰত কৰিবলৈ লয়। তেনে কিছুমান বিব্ৰতকাৰী মুহূৰ্ত্তৰ সষ্টি হোৱাতকৈ আমি অপ্ৰকাশ্যে ঠিক কৰি থৈছোঁ—ৰাজীৱদাক না নকওঁ। তেওঁ যদি দিন-দুপৰতে আমাক পদুমপুখু্ৰীত সাঁতুৰিবলৈও ধৰেহি, আমি ৰাইজে বিনা প্ৰতিবাদে তিয়নি পিন্ধি চাইকেল মাৰিম, পদুমপুখু্ৰী অভিমুখে!

ইফালে সমুদ্ৰ—সিতো কবিতা লিখিয়েই আছে সদায়। আমাক আচৰিত কৰি প্ৰতিনিশা সি প্ৰায় দহ-বাৰ পৃষ্ঠা দীঘল একোটাহঁত কবিতা লিখি উলিয়ায়। আমিও লিখিছিলোঁ মাজে-মাজে, কিন্তূ দিন যোৱাৰ লগে-লগে আমাৰ দেখোন কবিতাবোৰ ওলাবলৈ বন্ধ কৰিলে—একধৰণৰ শ্ল’ ডেথ!
সমুদ্ৰই ছবিও আঁকে, ভাল ছবি (অৰ্থবোৰ আমাৰ উৰ্দ্ধত)। দিনৰ নিৰ্দিষ্ট এটা সময়ত সি কমলদাৰ দোকানত ৰৈ থাকে—তাই আহে, দুয়োটাই কমলদাৰ নোহোৱা বিয়াখনৰ কথা পাতে, হাঁহে, চপ্ খায় আৰু গুছি যায়। কেতিয়াবা তাহাঁত মহাভৈৰৱৰ চিৰিকেইটাত বহে, কি কথা পাতে নাজানোঁ, জনাৰ উত্সাহো নাছিল।

হেমাংগৰ কান্ধত জোলোঙা এটাই বাঁহ লৈছে, সি দিন-ৰাতি চাইকেল মাৰিছে। সি ইতিমধ্যে বুজি উঠিছে যে অসমত এটা ডাঙৰ বিপ্লৱৰ দৰকাৰ আৰু এই বিপ্লৱ হ’ব মন্চইদি। সি ৰতন থিয়াম, কানহাইয়ালালৰ নাটক চাইছে, তাৰ বিষয়ে কলেজ মেগাজিনত এটা সাংঘাটিক তত্বগধুৰ প্ৰৱন্ধ লিখিছে—মুঠতে এটা চাবলগীয়া, দুধৰ্ষ কাৰবাৰ। মাজতে দুদিনমান সি নোহোৱাও হ’ল, কানহাইয়ালালক বিচাৰি একেবাৰে মণিপুৰ পালেগৈ, কানহাইয়ালালে নিজেই শেষত খেদাই পঠিয়ালে, তেহে—

সেই সময়ত চহৰখনৰ বিশেষ ৰাস্তা এটাইদি ময়ো অলপ বেছিকৈয়ে অহা-যোৱা কৰিবলৈ লৈছোঁ। কথাটো চহৰখনৰ মানুহৰ চকুতো পৰিছে। লগৰবোৰৰ মিছা আশ্বাসত পতিয়ন গৈছোঁ যে মোৰ গাত থকা গল্পলেখকৰ ‘জিন’টোৰ মই সদ্ব্যৱহাৰ কৰা উচিত। কলেজ মেগাজিনত ধাৰাবাহিকভাৱে দুটা গল্প লিখিলোঁ। পাঠকে আপত্তি কৰিলে দুৰ্বোধ্য আৰু উদ্ভট বুলি। শুনি পৰম আনন্দ পালোঁ—তাৰমানে কিবা এটা সাংঘাটিক গল্প হৈছে আৰু! তিনিনম্বৰ গল্পটো আৰু নোলোৱা হ’ল—কেনেকৈ আৰম্ভ কৰোঁ, আৰম্ভনিবোৰোচোন এদায় হ’লগৈ! কি গল্প লিখোঁ-বামপন্থী নে ৰোমান্টিক নে চল্তি? নিজৰ অভিজ্ঞতাৰে দেখোন তৃতীয়টো গল্পৰ বাবে নুকুলায়গৈ। আৰু আভুৱা ভৰিব নোৱাৰি—মোক বাৰে বাৰে যেন কোনোবাই সোঁৱৰাই দিছে— “ওঁ হৈ গৈছে, মিষ্টাৰ গল্পকাৰ আপুনি আপোনাৰ তৰোৱালখন খাপত ভৰাই থওক আৰু ৰাইজক (মানে যি বিশ-ত্ৰিশ জনে মোৰ গল্প কলেজত পঢ়িছিল) সকাহ দিয়ক”। আনুষ্ঠানিক শিক্ষাত মন দিলোঁ—অ’ড টু অটম, মাৰ্গাৰেট এটৱুড মুখস্থ মাৰিছোঁ– পৰীক্ষা পাছ কৰিব পৰাকৈ। অধ্যাপকৰ আদেশত ‘গ’ল্ডেন বাও’খন পঢ়াৰ বৃথা প্ৰচেষ্টা এটাও চলালোঁ-নাই নহ’লগৈ আৰু।
ঠিক যি সময়ত আমি প্ৰেমত এটা স্থিতি পাবৰ চেষ্টা কৰিছোঁ, কৌশিকে এক জ্ঞাত-অজ্ঞাত স্থানত তাৰ প্ৰেম-প্ৰাৰ্থীনীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে, বিনা অনুশোচনাৰে। না কওঁতে হেনো তাৰ এক নেন’ছেকেণ্ডো লগা নাছিল। নেন’টেকন’লজি তেতিয়া কাগজে-খবৰে উপচি পৰিছে, সকলোবোৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ হোৱাৰ পথত তেতিয়া।

বি.এৰ ৰিজাল্ট ওলাল। ৰিজাল্ট যেনে আশা কৰিছিলোঁ তেনেই হৈছে। যিমান পঢ়িছিলোঁ সিমানহে নম্বৰ পাম আৰু। বি.এৰ পাছতে চবেই টোপোলা বান্ধিলোঁ—ঠিক যেন সকলোবোৰ পূৰ্বনিৰ্ধাৰিত আছিল—এটা দিন আহিব, বি.এৰ ৰিজাল্ট দিব আৰু আমি সকলোৱে নিজৰ নিজৰ বাট ল’ম! গম পাওঁতে-নাপাওঁতেই তিনিবছৰীয়া গ্ৰুপটো তিনিমাহতে থান-বান হ’ল।

মই অসমৰ পৰা ওলাই আহিলোঁ। কাহিনী লিখা এৰিলোঁ, কিন্তূ কোৱা আৰু শুনা হ’লে নেৰিলোঁ দেই। নতুন নতুন বন্ধু হ’ল, নতুন নতুন কাহিনী ওলাল। নাগালেন্ডৰ লিয়ে ক’লে তাইৰ আইতাকৰ আত্মাৰ স’তে তাই কথা পতাৰ কাহিনী—মই শুনি যাওঁ, শেষ হয় একাপৰ পাছত আনকাপ কফি, মোৰ চকুৰ আগেদি ভাঁহি যায় মোককচোং, উংমা গাওঁ। টাইৱানৰ জিমিয়ে ক’লে কৰ্কটৰোগত ভূগি মৃত্যুৰ ক্ষণ গণি থকা তাৰ ষোল্লবছৰীয়া ভনীয়েকৰ কথা, সমবয়সীয়া চীনা বন্ধু শ্চিয়াও-শ্চিনৰ (তাইৰ নামটোৰ অৰ্থ আকৌ ‘এধানিমান হদয়’) মাজে-মাজে সাংঘাটিক নাৰ্ভাছ ব্ৰেকডাউন হয়। তাইৰ গৰ্ভপাত কৰোৱা সন্তানটোৱে হেনো তাই চকু মুদিলেই ‘মা’ বুলি মাতে। পাগলামি বেছি হ’লে তাই চবকে কিবা উকা চাৱনিৰে চাবলৈ ধৰে

কাহিনীবোৰ কিবা ছিৰিয়াছ আৰু জটিল হ’বলৈ আৰম্ভ কৰিলে।

*****

কৌশিকে আজিকালি স্বেচ্ছাসেৱী সংগঠন এটাত সোমাইছে। সমুদ্ৰ এতিয়াও সাহিত্য-কলাৰ বিশাল মহাসাগৰখনত বুৰ গৈ আছে। মাজে-মাজ কাগজে পত্ৰই ওলোৱা দুটামান কবিতা প্ৰবন্ধৰ বুৰবুৰণিয়ে আমাক আস্বস্ত কৰে যে সি এতিয়াও শ্বাস লৈ আছে, জীয়াই আছে। শেহতীয়াভাবে শুনামতে সি শান্তিনিকেতনৰ ফালৰ বঙালী ছোৱালী এজনী বিয়া কৰাব বুলি ঘৰলৈ ভাবুকি পঠাইছে। মাকে কি কৈছে নাজানোঁ। বেদান্তই প্ৰশ্নবোধক আৰু আশ্চৰ্য্যবোধকবোৰ তাৰ চকু-মুখৰ পৰা নমাই এতিয়া ছপা ৰূপ দিছে—এসময়ত সি নিজে সমালোচনা কৰা বাতৰি কাকত এখনত সহ-সম্পাদকজাতীয় কাম এটাত সোমাইছে আৰু জবৰজং হেডলাইন লিখিছে, “অমৰেশ বৰুৱা কক্স বজাৰত গ্ৰেপ্তাৰ???” বা “পুলিচৰ চকুত ধুলি দি দিছপুৰ ঘূৰিলে গোবিন্দ ৰাজখোৱা!!”।
ৰাজী্ৱদাই বহুজাতিক কোম্পানী এটাত ভাষা শুধৰোৱা-জাতীয় কাম এটা কৰে। ইহজগতৰ কত ঘাগু-ঘাগু বহুজাতিক কোম্পানীয়ে মানি লয় ৰাজীৱদাৰ ভাষা শুধৰনি-বিনা প্ৰতিবাদে! তেওঁৰ সমাজ সচেতনতা এতিয়া কিমান, সেই সম্পৰ্কে আমি অজ্ঞাত। (কথাৰ লাচতে কৈ থওঁ সময়ে তাৰ অব্যৰ্থ দৰব-জাতিৰে ইতিমধ্যে “কোম্পানী নহয় কাউম্পেনি” জাতীয় সাৱধানবাণীবোৰ দমাই দিছে, কিন্তূ তাৰ পাৰ্শ্বক্ৰিয়া হিচাবে সেই বুদ্ধিজীৱিসকলৰ হতুৱাই পৌৰনিগমৰ বিৰূদ্ধে বেছ যুক্তিসম্পন্ন এখন অঘোষিত যুদ্ধ আৰম্ভ কৰোৱাইছে।)

মঞ্চ, নাটকৰ জৰিয়তে বিপ্লৱ আনিব খোজা হেমাংগই হঠাত এদিন নিজে এটা সাংঘাটিক নাটকীয় স্পেক্টেকলৰ সহায় লৈ নোহোৱা হৈ গৈছে। মঞ্চৰ সকলো পোহৰ সি নুমুৱাই দিছে আৰু সেই ঘোপমৰা অন্ধকাৰত আমি তাক বিচাৰি ফুৰিছোঁ। সি ঘোঁচা মৰা ওঁঠ শুকাওঁতে-নুশুকাওঁতেই বেদান্তই তাক বিচাৰি গুৱাহাটীৰ অলি-গলি চলাথ কৰিছে। এদিন তাকে কৰোঁতে মণিপুৰী বস্তিত তাৰ আকৌ এবাৰ ঘোঁচা খোৱাৰ উপক্ৰমেই হৈছিল, কোনোমতেহে।

দেখিলোঁ, দেশত আৰু থাকিব নোৱাৰি। দেশৰ কাহিনীবোৰ হয় শেষ হৈ আহিছে বা একঘেঁয়ে হৈ আহিছে। হোষ্টেলৰ ওপৰেদি সদায় উৰামৰা চিনাকি প্লেনখনৰ টিকট কাটিলোঁ। লগৰবোৰক টা-টা, গুডবাই দিলোঁ। এয়াৰপ’ৰ্টত পোন্ধৰটামানে থ’বলৈ আহিলে। তাৰে দহ শতাংশই কান্দিলে। দেশ এৰিলোঁ।

বিশেষ ঋতু এটাত নিউয়ৰ্কলৈ যাওঁতে দেখিলোঁ অটম লিভছ। অ’ড টু অটম, মাৰ্গাৰেট এটৱুদৰ মহত্ব পৰিস্কাৰ হৈ গ’ল। এয়াৰপ’ৰ্ট এটাৰ কফি বেচা ছোৱালী এজনীৰ কাণত থুৰীয়াহেন কিবা এযোৰ দেখি সোধাত তায়ো ক’লে তাইৰ ককাকে ইজিপ্তৰ কোনো ৰত্নভান্ডাৰৰ পৰা থুৰীয়াযোৰ বোটলাৰ কাহিনী। এটা সাংঘাটিক এডভেন্সাৰ কাহিনী।

লাহে-লাহে মই বুজি উঠিছোঁ যে কাহিনী কোৱাৰ সমল বা সামৰ্থ্য—এটাও মোৰ নাই। লি, জিমি, শ্চিয়াও-শ্চিনহঁতৰ দৰে কাহিনী মোৰ জোলোঙাত নাই। মোৰ কাহিনীত কোনো উত্তেজনা নাই, অকনো উম নাই। জানোঁ, এদিন তাৰ অজ্ঞাতবাসৰ অন্ত পেলাই হেমাংগও ঘূৰি আহিব, সাধু-সাধু লগা বহুতো কাহিনী লৈ আৰু ময়ো মন্ত্ৰমুগ্ধৰ দৰে শুনি যাম সেইবোৰ ঘন্টাৰ পাছত ঘন্টা।
মই নিজে কাহিনী বা গল্পৰ নামত কৰিব পাৰোঁ এটা সুচতুৰ প্ৰতাৰণা, এটা চালাকি যিবোৰ কোনেও থৰহৈ নুশুনিব, শুনিলেও কোনো উত্তেজনা অনুভৱ নকৰিব। মই নোৱাৰোঁ তাহাঁতৰ দৰে কাহিনী ক’ব—মোৰ গল্প লিখা নহ’ব আৰু।

*****

“খট্,খট্…” টেপত বাজি থকা কেছেটটো বন্ধ হৈছে। “খট্,খট্…” শব্দ কৰি সি এটা মসৃন সমাপ্তিৰ বাবে বৃথা চেষ্টা চলাইছে।
“সলিল চৌধুৰীৰ নাছিলনে? ৰিৱাইণ্ড কৰি দেছোন।” ৰুমমে’টে নখ কাটি কাটি ক’লে।
“থাকক দে তেনেকৈয়ে, আৰু মন নাই আৰু”, মই কলমডাল বন্ধ কৰি দিলোঁ।

কাইলৈ চাকিব আৰু চিদ্ৰতক খাবলৈ মাতিছোঁ| খোৱা বনাওতে মোৰ অলপ দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন| তলৰ মেনুখন ঠিক কৰিছোঁ| কেনে দেখিছে ক’ব আৰু সালসলনি কৰিবলৈ আছে যদি জনাবঃ

1. ভাত (পিলেন :) )

2. মাছৰ টেঙা

3. গাহৰি তেলত ভজা গাহৰি

4. থাই গ্ৰীণ কাৰী

5. জাপানীজ আলু কাৰী

6. সৰিয়হ দিয়া আলু কণী পিটিকা

7.কলমৌ শাক ভজা

8.বৰা চাউল আৰু আমৰ মিঠা 

দুদিনমান আগতে অৰ্কুটৰ মোৰ স্ক্ৰেপবুকত এজন সদাশয় লোকে মোক সুধিছে মই হেনো হাইদৰাবাদত থকা সময়ত প্ৰচণ্ড সমকামীবিৰোধী আছিলোঁ| কথাটো শুনি বেছ আমোদ পালোঁ কেইবাটাও কাৰণত- এই সদাশয় ব্যক্তিজনৰ লগত মোৰ কেতিয়াও কথা বতৰা হোৱা নাই বা মই কেতিয়াও তেওঁক লগো পোৱা নাই, দ্বিতীয়তে হাইদৰাবাদত মই কেতিয়া, কিহৰ সপক্ষে আছিলোঁ বা কেতিয়া কি বিৰোধী আছিলোঁ সেইকথা আজি চাৰিবছৰৰ পাছতো যে কোনোবাই আলোচনা কৰিব পাৰে মই কেতিয়াও ভবা নাছিলোঁ| নিজকে মই ইমান গুৰুত্বপূৰ্ণ ব্যক্তি বুলি কেতিয়াও জনা নাছিলোঁ| সমকামীসকলৰ বিৰোধী হোৱাৰ মোৰ কোনো কাৰণ নাই আৰু নিজে জনাত মই আজিলৈকে মোৰ কোনো সমকামী ছাত্ৰ-ছাত্ৰী বা আন চিনাকি লোকক সমকামী বুলি কোনোধৰণে ভেদভাৱো কৰা নাই| সঁচাকৈ ক’বলৈ গ’লে উদাৰতাবাদী অনুষ্ঠানবোৰত থাকি মই সদায় সংখ্যালঘূ যিকোনো গোটৰ প্ৰতি সহানুভূতিশীল আছিলোঁ| যিকোনো ধৰণৰ বিশ্বাস বা আচাৰৰ লোকৰ ন্যূনতমো মানৱ অধিকাৰ খৰ্বৰ মই পৰিপন্থী| তদুপৰি আধুনিক জৈৱবৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত এই কথা প্ৰতীয়মান যে সমকামী আচাৰ কেবল অভ্যাসজাত নহয়, কিছু পৰিমাণে জৈৱিকো (এই লিঙ্কটো চাওঁক)| সেয়েহে সমকামীভীতিত মই নোভোগোঁ| আমাৰ ৰক্ষণশীল সমাজত থাকিও ব্যক্তিগতভাৱে সমকামী গোটক স্বীকৃতি দিওঁ| আনকি অন্যথা মোৰ প্ৰিয় লেখক তথা বামপন্থী বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইদেৱে তেখেতৰ আত্মজীৱনীত সমকামীত্বক পশ্চিমীয়া কুৰুচি বুলি নাকচ কৰাতো মোৰ আপত্তি আছে|

সি যিকি নহওঁক এই সদাশয় ব্যক্তিজনে মোক পাছলৈ জনালে যে তেখেতক হেনো এই বিষয়ে অৱগত কৰিছে মই আগতে থকা অনুষ্ঠানটিৰ সংস্কৃতিতত্বৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে| এজনৰ বাদে আন কাৰো নাম মনত পেলাব নোৱাৰিলোঁ, কিন্তু তেখেতসকলে ইমান বছৰৰ পাছতো মোক ইমান চেনেহেৰে মনত ৰখা দেখি মোৰ বুকু উথলি উঠিল| অলপ মনত পেলাবৰ চেষ্টা কৰি দেখিলোঁ যে মোৰ বিৰূদ্ধে এই আপত্তি অনা ছাত্ৰ-ছাত্ৰীসকল আছিল সেই অনুষ্ঠানটিৰ তথাকথিত বুদ্ধিজীৱী| কথাই কথাই উত্তৰ আধুনিকতাবাদ, বিনিৰ্মানবাদ আদি সাঙুৰি আনি মৌখিক চমৎকাৰ সৃষ্টি তেখেতসকলৰ মজ্জাগত| মই পাছে কেতিয়াও তেখেতসকলৰ তত্ব বা বা বাদবোৰ বুজি নেপালোঁ আৰু শ্ৰেণীকোঠাত বা কাফে কফি ডে’ত বহি তত্ব জাৰিলে সংখ্যালঘূসকলৰ কিবা উন্নতি হ’ব বুলিও মই নেভাবিলোঁ| তদুপৰি তেখেতসকলৰ উচ্চ মধ্যবিত্ত, মহানগৰীয় ইংৰাজীৰ আগত মোৰ জকাইচুকীয়া কক-মমই কোনো পাত্তাও নেপায়| সেয়েহে এই তত্বভীতিগ্ৰস্ততাত আৰু নিচাত্মিকাবোধত ভূগি তেখেতসকলৰ পৰা সদায় এটা নিৰাপদ দূৰত্ব অৱলম্বন কৰি আছিলোঁ-ঠিক যেনেকৈ হাতীৰ বিষ্ঠা দেখিলেও শহাই উভোতাই লৰ মাৰে, তেনেকৈ| কিন্ত দেখিছোঁ কালে বিপৰীতহে হ’লগৈ| তেখেতসকলে মোৰ এই সশ্ৰদ্ধ নিলগতাৰ ভাৱান্তৰ কৰিলে মোৰ সমকামীভীতিগ্ৰস্ততা বুলিহে| মোৰ ৰুমমেটক কথাটো কোৱাত মোৰ দৃষ্টিভঙ্গী বুজি পোৱা তেখেতেও খুবেই আমোদ পালে| পাছে কথা হ’ল ঘটনাটোৱে মোক অলপ ব্যতিব্যস্তও কৰি তুলিছে কাৰণ তেখেতসকলক মোৰ মনৰ কথাখিনি কোৱাৰ বা বুজোৱাৰ কোনো উপায় নাই| তেখেতসকলৰ মতে হয়তো সংখ্যালঘূ বা নিপিড়িত জনতাৰ ওপৰত গৱেষণা কৰাৰ ঠিকাটো তেখেতসকলে লৈ থৈছে য’ত কোনো অতত্ববিদ মানেই হ’ল প্ৰচণ্ড সোঁপন্থী, প্ৰতিক্ৰিয়াশীল| সংখ্যালঘূ উদ্ধাৰৰ নামত কথাৰ ফুলজাৰি মাৰিব নজনা সকল তেওঁলোকৰ বাবে অস্পৃশ্য বা ভীতিগ্ৰস্ত|

হে মোৰ অতিবুদ্ধিজীৱী বন্ধুসকল, আপোনালোকৰ লগত দুটামান চিগাৰেট হোপাৰ আগ্ৰহ মোৰো নথকা নহয়| সঁচাকৈ, মই ভাল পালোঁহেঁতেন আপোনালোকৰ লগত চিগাৰেট হুপি হুপি ডাঙৰ ডাঙৰ তত্ব আলোচনা কৰিবলৈ, দীঘল দীঘল গৱেষণাপত্ৰ লিখিবলৈ, শ্ৰেণীকোঠাত বহি অন্ধ্ৰৰ কোনো গাঁৱৰ নিপীড়িত জনতাৰ উদ্ধাৰৰ বাবে এটা সাংস্কৃতিক তত্ব প্ৰস্তাৱ কৰিবলৈ বা কেইজনমান সংখ্যালঘূক এদিন পুৱা গোটাই ৰাজভৱনৰ আগত ধৰ্ণা দিবলৈ আৰু তাৰ অৱসাদত কাফে কফি ডে’ত বহি এটা আইচড কফি খাবলৈ| কিন্তু তেনে প্ৰতাৰণা মোৰ স্বভাৱৰ পৰিপন্থী| বুদ্ধিজীৱীৰ ছদ্মৱেশে মোক শ্বাসৰুদ্ধ কৰে, মোৰ বিবেকক খুন্দি খুন্দি মাৰে| মোক ক্ষমা কৰক আপোনালোকৰ শাৰীত শাৰী মিলাই বহি বৌদ্ধিক কচৰত কৰাৰ ক্ষমতা মোৰ নাই, কিন্তু কাবৌ কৰিছোঁ মোৰ এই অক্ষমতাক যেন আপোনালোকে মোৰ সমকামীভীতি বা আপোনালোকৰ সৰ্বাংগসুন্দৰ সাংস্কৃতিক তত্ববাদৰ পৰিপন্থী বুলি নেভাবে|

মোৰ নিজৰ বুলিবলৈ ধৰ্ম এটা নাই আৰু কেতিয়াও সেইপালি দৰব লোৱাৰ কথাও ভবা নাই| কথা হ’ল যি ধৰ্মই নহওক লাগে ধৰ্মৰ নামত যিমান গোড়ামি দেখিছোঁ, যিমান হত্যালোলুপতা দেখিছৌঁ, যিমান বৈষম্য দেখিছৌঁ- তাৰ পাছত মোৰ বহুলাংশ সুস্থ মস্তিস্কই মোক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰে| এটা সময়ত বৰ বেছি ধাৰ্মিক মানুহৰ প্ৰতিও মোৰ বৰ এটা ভাল ভাৱনা নাছিল| অৱশ্যে সময় বাগৰাৰ লগে লগে পুৰণা দৰবৰ গুণ কমি যোৱাৰ দৰে মোৰ মনত অতিধাৰ্মিক মানুহৰ প্ৰতি থকা বৈষম্যও নোহোৱা হৈছে| ভাবিবলৈ লৈছোঁ যে কোনো বিশেষ ধৰ্ম বা বিশ্বাসধাৰাই যদি কাৰোবাক পাপৰ ভয়ত বেয়া কাম কৰাৰ পৰা আঁতৰাই ৰাখে সেয়া বৰ অযুগুত ব্যৱস্থা নহয়| তথাপি গোড়ামিৰ প্ৰতি মোৰ ঘৃণা বিদ্যমান| শিব সেনাই হওক, তালিবানেই হওক বা জৰ্জ বুশ্বেই হওক, কোনোবাই যদি মন্দিৰ, মছজিদ বা গীৰ্জাৰ আঙুলিৰ ঠাৰত নিজৰ ৰাজনৈতিক বা সামাজিক নীতি নিৰ্ধাৰণ কৰিব বিচাৰে, তাত মোৰ আপত্তি অপাৰ| আমাৰ নিজৰ সমাজত ধৰ্মস্বীকৃত জাত-পাতৰ গোড়ামি আছেই| আনকি ধৰ্মীয় প্ৰশাখাবোৰৰ মাজত থকা অসূয়া ইমানেই সৰ্বব্যাপি যে এবাৰ অসমৰ সাংস্কৃতিক ৰাজধানী বুলি ওফাইদাং মৰা নগৰ এখনলৈ যাওঁতে মোৰ বাৰ বছৰীয়া ভন্টিয়ে তাহাঁতৰ ওচৰ চুবুৰীয়া বোৰৰ ঘৰবোৰ চিনাকি কৰি মোক বুজাইছিল- এইটো অমুকৰ ঘৰ, সিহঁত তেৰদিনীয়া; সৌটো তমুকৰ ঘৰ সিহঁত এঘাৰদিনীয়া, ইত্যাদি| তেৰদনীয়া আৰু এঘাৰদিনীয়া সকলৰ মাজত মাতবোল নাই| এবাৰ ঘৰলৈ যাওতে কোনোবাই এটা পাছপৰা শ্ৰেণীয়ে ঘোষণা দিয়া বন্ধৰ কথা শুনি উচ্চশিক্ষিতা এগৰাকীয়ে মন্তব্য কৰিছিল “কাইলৈ আকৌ __সোপাই বন্ধ দিছে”| একেধৰণে তথাকথিত উচ্চবৰ্ণীয় কিন্তু নিজৰ উদাৰতাবাদী আদৰ্শৰে স্বনামধন্য হোৱা শিক্ষকএজনক ৰাস্তাত অ’ভাৰটেক কৰি যোৱাৰ ভীষণ অপৰাধত পাকৰাও কৰি তথাকথিত নিম্নবৰ্ণীয় ৰাস্তাৰ মাই-বাপ এজনে ‘তহঁত বামুণসোপাই দেশখন খালি’ বুলি গালি পাৰি পাঁচশ টকা জৰিমণা বিহা কথাও জানোঁ| গতিকে দেখা গৈছে যে আমি যিমানেই পিজ্জা হাট বা কাফে কফি ডে নোখোলোঁ লাগে, কৰোবাত জাত-পাতৰ বাচ বিচাৰবোৰ মজ্জাগত হৈ পৰাৰ দৰে হৈছে| তাত যে ধৰ্মৰ যে এটা বিশেষ অৰিহণা আছে তাক বেলেগকৈ বুজিব নালাগে|

দক্ষিণ ভাৰতৰ কথা নকলোৱেই বাৰু| মোৰ খৃষ্টধৰ্মী বান্ধৱীয়ে মোক ভালকৈ বুজাই দিছিল যে তাই সততে যোৱা গীৰ্জাটোলৈ কেৱল উচ্চবৰ্ণৰ পৰা ধৰ্মান্তৰিত হোৱা খৃষ্টানসকলহে যায়| নিম্নবৰ্ণজাতসকলৰ গীৰ্জা বেলেগ| বোলে ঢেকী সৰগলৈ গ’লেও ধানহে বনিব আৰু!

তাতে আমাৰ সমাজৰ মূল্যবোধবোৰো বৰ আউল লগা বিধৰ| মাজতে আমাৰ ছাত্ৰসন্থা দুটামানে ভালেকেইজনী ছোৱালীক জ্যেষ্ঠাভাতৃসুলভ ব্যৱহাৰেৰে হেনো চৰিয়াই-কিলাই কিদৰে সমাজত পিন্ধাউৰা কৰিব লাগে আৰু ব্যৱহাৰ কৰিব লাগে তাৰ শিক্ষা দিয়াৰো ব্যৱস্থা কৰিলে| হিন্দী চিনেমাৰ স্বল্পবসনা অভিনেত্ৰী কেইগৰাকীক তেওঁলোকে লিজৰ মতামত কিমানদূৰ অৱগত কৰাব পাৰিলে আমাৰ নজনাৰ গণ্ডীত| এতিয়াই নুবুজিলেও এটা কথা সকলোৱেই মানি ল’ব লাগিব যে বিশ্বায়ন বা গ্ল’বেলাইজেছন টুকুৰা টুকুৰকৈ নাহে যে আমি ভাল টুকুৰাহে ল’ম বেয়া কেইটুকুৰা আঁতৰাই থ’ম| অৰ্থাৎ বাৰিস্তাৰ কফি আৰু মেখেলা চাদৰ একেলগে নচলিব|

গুৱাহাটীৰ কাফে কফি ডেলৈ গৈ মই আচৰিত, মই যিমানে অসমীয়াত নকওঁ লাগে তেৰাসৱে দেখোন ইংৰাজী আৰু হিন্দীৰ বাদে আন ভাষাই নকয়| আমিও আমাৰ জকাইচুকীয়া ইংৰাজী আৰু হিন্দীৰে কি লাগে কোনোমতে বুজাই দিহে কফি একাপ লভিলোঁ| পাছত শুনিলোঁ বোলে তেৰাসৱৰ চাকৰিত অসমীয়াত কথা কোৱা মানা| ঠিক যেনেকৈ বহুতো ইংৰাজী ইস্কুলত কোনো জকাইচুকীয়া ছাতৰে কিবা দুৰ্ভাগ্যৰ বলত আমাৰ চিৰ চেনেহী ভাষাটো ক’লে মাদ্ৰাজৰ পৰা মাছৰ লগত অহা চালানী মাষ্টৰে সেই ছাতৰৰ পিঠিত বেতেৰে ফুল বাছি দিয়ে| তাতে আকৌ আমাৰ ইংৰাজী ইস্কুলৰ গাৰ্জেনে গিৰ্জনি মাৰি হাঁহে ‘আমাৰ বাচাই ইংৰাজী ইস্কুলত সোপাই এ বি ছি ডি কৰে’ বুলি| অসমীয়া হেনো সহনশীল জাতি| সেয়ে নিজৰ জেগাতে, নিজৰ ভাষাটো কোৱাৰ জগৰত এশবেত খালেও তেৰাসৱে যীশুৰ বাণী সৰোগত কৰি হাঁহিমুখে আৰু দুশবেত খোৱাৰ বাবে তপিনাবোৰ উদঙাই বেত দিয়াৰ ঠাই উলিয়াই দিয়ে|

ৰাইজে আমাৰ আজব দেশৰ গুজব আৰু শুনিবলৈ মন কৰিলে অমুকাই কিন্তু সোপাই ক’ব পাৰে :)

ৱিলিজন্মদিনটো পাতি একেবাৰে ভাল নেপাওঁ বুলি নকওঁ| লগৰবোৰে ইমান উছাহেৰে পাতিব খুজিলে তাতনো মই মাত মাতিবলৈ কোন? এইবাৰ মোৰ জন্মদিনটো একেবাৰে মাহজোৰা কাৰ্য্যসূচীৰে পালন কৰা দৰেই| আজি দুদিন আগতেও মোৰ থাই বন্ধু বেল, ট’নি, নেন, এপলহঁতে মাহটোত তৃতীয়বাৰ মোৰ জন্মদিন পাতিলে :)

জন্মদিনৰ এদিন আগতে টাইৱানৰ বন্ধু জিমিয়ে প্ৰস্তাৱ দিলে যে আমি চব য়াৰ্লিং নামৰ ৰেষ্টুৰেন্টখনলৈ যাব লাগে| জিমিৰ খোৱা বোৱাত আগ্ৰহ মোৰ দৰেই| লগতে যোগ দিব তাৰ ভনীয়েক প’লা আৰু আমাৰ উমৈহতীয়া বন্ধু মুৎচুৱ’, মাছেল আৰু প্ৰবীৰদাই| য়াৰ্লিং ৰেষ্টুৰেন্টৰ বিশেষত্ব হ’ল তাত পোৱা exotic খাদ্য|

সংযোজনঃ য়াৰ্লিং ৰেষ্টুৰেন্টৰ আন এটা বিশেষত্ব হ’ল তাৰ ব্লুজ শৈলীৰ সংগীত| বিখ্যাত ব্লুজ গায়ক ৱিলি গ্ৰীনে তাত নিয়মীয়াকৈ গায়| আমিও তেখেতৰ ব্লুজ শুনাৰ সৌভাগ্য লভিলোঁ|

Youtube-ত তেখেতৰ ভিডিঅ’ এটা পাই তাকো তলতে সাঙুৰি দিলোঁ:

Loading...

ভেকুলীৰ ঠেংঘৰিয়ালৰ নেজবটাচৰাইহৰিণাৰ মাংসআমি আৰম্ভ কৰিলোঁ হৰিণাৰ মাংস আৰু ভেকুলীৰ ঠেঙেৰে| বহুদিনৰ পাছত হৰিণাৰ মাংস খাই বৰ জুতি পালোঁ হ’লে| অৱশ্যে ভেকুলীৰ ঠেংবোৰ তেলত বেছিকৈ ভজা কাৰণে বৰ ভাল নালাগিল|তাৰ পাছত আহিল ঘৰিয়ালৰ নেগুৰ ভজা (বাওঁফালে)| একেই তেলেতীয়াকৈ ভজা| আৰু লগতে আহিল বটাচৰাই ভজা (সোঁফালে)|এই মাংসকেইবিধ খোৱাৰ পাছত মোৰ ভালপোৱাৰ হিচাপত লিষ্টিখন তলত দিয়া ধৰণৰঃ

১. হৰিণা
২. বটাচৰাই

৩. ছাগলী

৪. ভেকুলী

৫. গৰু

৬. ঘৰিয়াল

৭. কুকুৰ

খাই ভালপোৱা চমঝদাৰ মানুহে সুধিব লিষ্টখনত গাহৰি ক’ত? কথা হ’ল গাহৰি মাংস হ’ল লতা মঙ্গেশকাৰৰ নিচিনা| তুলনাৰ বহু ওপৰত| কোনো আন মাংসই গাহৰি মাংসক সততে চুব নোৱাৰে বুলি মই খাটাং|ঠিক তেনেকৈ মুৰ্গীৰ মাংসৰ নামো লিষ্টিখনত নাই কাৰণ তাতকৈ তলৰ খাপৰ কিবা মাংস হ’ব পাৰে বুলি মই নাভাবোঁ| অৰ্থাৎ ‘বাই ডিফল্ট’ মুৰ্গীৰ মাংস অটাইতকৈ তলত!

অলপ আচহুৱা খোৱাৰ কথা পাতিছোৱেই যেতিয়া মোৰ শেহতীয়া প্ৰিয় স্নেকটোৰ কথা কওঁ| অলপদিনৰ পৰা মই জাপানী অক্টোপাছৰ পকৰি ধৰণৰ বস্তু এটা কিনিবলৈ লৈছোঁ| খাবলৈ ঠিক লেকেতা ধৰণৰ কিন্তু বৰ ভাল লগা| লগতে পেকেটটোৰ ফ’ট’ এখন দিলোঁ–

অক্টোপাছ

Shaun’s Ghost

March 12th, 2008



Shaun’s Ghost

Originally uploaded by priyankoo


মোৰ ঘৰত ওলোৱা ভূত!

ইংৰাজীৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুগৰাকী কবিয়ে লিখা দুটা কবিতা অনুবাদ কৰিলোঁ| প্ৰথমটো মই ১৯৯৮ চনত অনুবাদ কৰা, দ্বিতীয়টো এইকেইদিনতঃ

 


১. আমাৰ প্ৰশ্ন আৰু তোমালোকৰ মৌনতা

(মূলঃ মনালিচা চাংকিজা)

 

হয়| মই দেখিছোঁ আমাৰ ধাননিবোৰ
ৰুপান্তৰিত হোৱা কাৰখানালৈ,
দেখিছোঁ উৰ্বৰ সেউজ পাহাৰবোৰ
অনুৰ্বৰ, উৰুঙা হোৱা;
আমাৰ নদীবোৰ শুকাই যোৱা
ৰূপালী মাছবোৰে
ছটফটাই বালিত মৃত্যু সাবটি লোৱা|

 

মই দেবদাৰুবোৰৰ গোন্ধ নোপোৱা হৈছোঁ
নুশুনা হৈছোঁ ডঁৰিক আৰু ধনেশ চৰাইৰ মাত|

 

তোমালোকে মোক ক’ব বিচাৰা
আমি হেনো ক্ষিপ্ৰতাৰে ধাৱমান ২১ শতিকাৰ ফালে,
আৰু কেতিয়াও ক’বলৈ নাপাহৰা যে
তোমালোকে আনিলা প্ৰগতি, কল-কাৰখানা আৰু
আধুনিকতা
আমাৰ আদিবাসী সমাজলৈ;

 

কিন্তু নাজানোঁ তোমালোক নিশ্চুপ হৈ কিয় ৰোৱা
যেতিয়া কওঁ আমি ভোকাতুৰ!

 


২. গঞা ছোৱালী

(মূলঃ গাম্ভিনী দেৱী এছ্)

 

নেমেলোঁ মোৰ চুলিটাৰি
মই গঞা ছোৱালী
গঞা ছোৱালীয়ে নেমেলে তাহাঁতৰ চুলি
একোছাও চুলি নোৱাৰে নিব
বতাহে উৰুৱাই|

 

মই নেচাওঁ
আন্ধাৰ ৰাতিৰ
সোনালী তৰাটোৰ ফালে|
মই গঞা ছোৱালী,
গঞা ছোৱালীয়ে নেচায় আকাশলৈ মূৰ তুলি,
আমাৰ বাবে
নপৰে এটাও তৰা খহি|

 

পুৱাৰ নিয়ৰসনা ঘাহঁনিত
মই খোজ নেকাঢোঁ
আমাৰ বাবে
নপৰে এটোপালো নিয়ৰ সৰি
আমি গঞা ছোৱালী,
আমাৰ ভৰিত
পুৱাৰ ফুল এপাহো নপৰে সৰি|
সেয়ে আমি
ফুলা ফুলৰ গোন্ধত নাহাঁহো
আমি প্ৰাণখুলি হাঁহো
যেতিয়া আমি গোন্ধ পাওঁ সোণালী শইচ আৰু বোকাৰ,
আইৰ চুলিটাৰি বুলোৱা
জুহালৰ এঙাৰ|
আমি গঞা ছোৱালী|