Archive for December, 2007

এটা নুশুনা গান

Tuesday, December 18th, 2007

সদায়েই কওঁ, আমেৰিকালৈ আহি হোৱা এটা লাভ হল বিভিন্ন সংস্কৃতিৰ সতে হোৱা মই পোৱা নিবিড় সান্নিধ্য| বিভিন্ন সংস্কৃতিৰ গীত-সঙ্গীত শুনি যি আমেজ পাইছোঁ, সি অনবদ্য| আন গীত মাতৰ মাজত এগৰাকী বিদেশী গায়িকাই মোক বাৰে বাৰে উত্তেজনা আৰু আবেগত মূক কৰি তুলিছে| টাইৱানত জন্মলাভ কৰা গায়িকা টেৰেছা টাং বা টাং লি জ্জুনে (চীনা ভাষাত );প্ৰায় ৩০ বছৰ চীন, টাইৱান, জাপান, থাইলেন্ড| ইন্ডোনেছিয়াত লাখ লাখ সঙ্গীতপ্ৰেমীৰ মন চুই ১৯৯৫ চনত থাইলেন্ডত এখন সঙ্গীতমেলৰ মাজতে মৃত্যবৰণ কৰে| ১৯৭০ ৰ পৰা ৯০ৰ দশকলৈকে অসংখ্য আধুনিক আৰু লোকগীত গাই তেওঁ পূব এছিয়াত সাংঘাটিক জনপ্ৰিয় হয়| এসময়ত চীনত কোৱা হৈছিল যে চীনত দিনত ডেং-জিয়াও-পিঙে শাসন কৰে আৰু ৰাতি টাং লি জ্জুনে| প্ৰশ্ন হয়, আমি কিয় এইগৰাকী গায়িকাৰ গীত শুনিবলৈ নাপালোঁ| যি দেখিছোঁ বলীউড, ৮০ৰ ৰাজনৈতিক ভাৰসাম্যহীনতা আৰু পূব এছিয়াৰ প্ৰতি কিছু পৰিমাণে থকা হীন মনোবৃত্তিয়ে আমাক সেই সময়ৰ সেই অঞ্চলৰ কলা সংস্কৃতিক কেতিয়াও ৰসাস্বাদন কৰিবলৈ নিদিলে| যি কি নহওক, মোৰ পৰিচয় টাং লি জ্জুনৰ লগত, তেখেতৰ থিয়ান মি মি নামৰ গীতটিৰ যোগেদি, যাৰ অৰ্থ হমৌ মিঠা| অত্যন্ত সহজ সুৰেৰে গঁথা এই গীতটিয়ে শুনি শুনি মই কম সময়তে গীতটি গাই চীনা বন্ধুসকলক চমক দিব পৰা হলোঁ|

 

Loading...

 

মোৰ অন্যতম প্ৰিয় বোলছবি “Comrades: Almost a Love Story” খনৰ কাহিনীটো মৌ মিঠা নামৰ গীতটিৰ আলমত| আন এটা গান জোনে মোৰ হৃদয়ৰ কথা কয় মোৰ আন এটা প্ৰিয় গীত|

 

Loading...

 

টেৰেছা টাং এসময়ত বিখ্যাত হংকঙীয় নায়ক জেকী চ্চেনৰ প্ৰমিকা আছিল| দুয়োৰে মাজৰ সম্পৰ্ক অৱশ্যে অত্যন্ত তিক্ততাপূৰ্ণ আছিল| এইবছৰ জেকী চ্চেনে টেৰেছাৰ পূৰণি গীত এটিত স্পেছিয়েল এফেক্টেৰে দ্বৈত ৰূপত বাণীবদ্ধ কৰি টেৰেছা টাঙৰ ওচৰত নিজৰ শিশুসুলভ ভুলবোৰৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছে|

 

Loading...

 

Loading...