জন্মদিনত মই
Monday, March 31st, 2008
জন্মদিনটো পাতি একেবাৰে ভাল নেপাওঁ বুলি নকওঁ| লগৰবোৰে ইমান উছাহেৰে পাতিব খুজিলে তাতনো মই মাত মাতিবলৈ কোন? এইবাৰ মোৰ জন্মদিনটো একেবাৰে মাহজোৰা কাৰ্য্যসূচীৰে পালন কৰা দৰেই| আজি দুদিন আগতেও মোৰ থাই বন্ধু বেল, ট’নি, নেন, এপলহঁতে মাহটোত তৃতীয়বাৰ মোৰ জন্মদিন পাতিলে
জন্মদিনৰ এদিন আগতে টাইৱানৰ বন্ধু জিমিয়ে প্ৰস্তাৱ দিলে যে আমি চব য়াৰ্লিং নামৰ ৰেষ্টুৰেন্টখনলৈ যাব লাগে| জিমিৰ খোৱা বোৱাত আগ্ৰহ মোৰ দৰেই| লগতে যোগ দিব তাৰ ভনীয়েক প’লা আৰু আমাৰ উমৈহতীয়া বন্ধু মুৎচুৱ’, মাছেল আৰু প্ৰবীৰদাই| য়াৰ্লিং ৰেষ্টুৰেন্টৰ বিশেষত্ব হ’ল তাত পোৱা exotic খাদ্য|
সংযোজনঃ য়াৰ্লিং ৰেষ্টুৰেন্টৰ আন এটা বিশেষত্ব হ’ল তাৰ ব্লুজ শৈলীৰ সংগীত| বিখ্যাত ব্লুজ গায়ক ৱিলি গ্ৰীনে তাত নিয়মীয়াকৈ গায়| আমিও তেখেতৰ ব্লুজ শুনাৰ সৌভাগ্য লভিলোঁ|
Youtube-ত তেখেতৰ ভিডিঅ’ এটা পাই তাকো তলতে সাঙুৰি দিলোঁ:
১. হৰিণা২. বটাচৰাই
৩. ছাগলী
৪. ভেকুলী
৫. গৰু
৬. ঘৰিয়াল
৭. কুকুৰ
খাই ভালপোৱা চমঝদাৰ মানুহে সুধিব লিষ্টখনত গাহৰি ক’ত? কথা হ’ল গাহৰি মাংস হ’ল লতা মঙ্গেশকাৰৰ নিচিনা| তুলনাৰ বহু ওপৰত| কোনো আন মাংসই গাহৰি মাংসক সততে চুব নোৱাৰে বুলি মই খাটাং|ঠিক তেনেকৈ মুৰ্গীৰ মাংসৰ নামো লিষ্টিখনত নাই কাৰণ তাতকৈ তলৰ খাপৰ কিবা মাংস হ’ব পাৰে বুলি মই নাভাবোঁ| অৰ্থাৎ ‘বাই ডিফল্ট’ মুৰ্গীৰ মাংস অটাইতকৈ তলত!
অলপ আচহুৱা খোৱাৰ কথা পাতিছোৱেই যেতিয়া মোৰ শেহতীয়া প্ৰিয় স্নেকটোৰ কথা কওঁ| অলপদিনৰ পৰা মই জাপানী অক্টোপাছৰ পকৰি ধৰণৰ বস্তু এটা কিনিবলৈ লৈছোঁ| খাবলৈ ঠিক লেকেতা ধৰণৰ কিন্তু বৰ ভাল লগা| লগতে পেকেটটোৰ ফ’ট’ এখন দিলোঁ–
