Archive for May, 2008

কাইলৈৰ খোৱা বোৱা

Saturday, May 3rd, 2008

কাইলৈ চাকিব আৰু চিদ্ৰতক খাবলৈ মাতিছোঁ| খোৱা বনাওতে মোৰ অলপ দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন| তলৰ মেনুখন ঠিক কৰিছোঁ| কেনে দেখিছে ক’ব আৰু সালসলনি কৰিবলৈ আছে যদি জনাবঃ

1. ভাত (পিলেন :) )

2. মাছৰ টেঙা

3. গাহৰি তেলত ভজা গাহৰি

4. থাই গ্ৰীণ কাৰী

5. জাপানীজ আলু কাৰী

6. সৰিয়হ দিয়া আলু কণী পিটিকা

7.কলমৌ শাক ভজা

8.বৰা চাউল আৰু আমৰ মিঠা 

আমাৰ উদাৰতাবাদ আৰু সমকামীত্ব

Friday, May 2nd, 2008

দুদিনমান আগতে অৰ্কুটৰ মোৰ স্ক্ৰেপবুকত এজন সদাশয় লোকে মোক সুধিছে মই হেনো হাইদৰাবাদত থকা সময়ত প্ৰচণ্ড সমকামীবিৰোধী আছিলোঁ| কথাটো শুনি বেছ আমোদ পালোঁ কেইবাটাও কাৰণত- এই সদাশয় ব্যক্তিজনৰ লগত মোৰ কেতিয়াও কথা বতৰা হোৱা নাই বা মই কেতিয়াও তেওঁক লগো পোৱা নাই, দ্বিতীয়তে হাইদৰাবাদত মই কেতিয়া, কিহৰ সপক্ষে আছিলোঁ বা কেতিয়া কি বিৰোধী আছিলোঁ সেইকথা আজি চাৰিবছৰৰ পাছতো যে কোনোবাই আলোচনা কৰিব পাৰে মই কেতিয়াও ভবা নাছিলোঁ| নিজকে মই ইমান গুৰুত্বপূৰ্ণ ব্যক্তি বুলি কেতিয়াও জনা নাছিলোঁ| সমকামীসকলৰ বিৰোধী হোৱাৰ মোৰ কোনো কাৰণ নাই আৰু নিজে জনাত মই আজিলৈকে মোৰ কোনো সমকামী ছাত্ৰ-ছাত্ৰী বা আন চিনাকি লোকক সমকামী বুলি কোনোধৰণে ভেদভাৱো কৰা নাই| সঁচাকৈ ক’বলৈ গ’লে উদাৰতাবাদী অনুষ্ঠানবোৰত থাকি মই সদায় সংখ্যালঘূ যিকোনো গোটৰ প্ৰতি সহানুভূতিশীল আছিলোঁ| যিকোনো ধৰণৰ বিশ্বাস বা আচাৰৰ লোকৰ ন্যূনতমো মানৱ অধিকাৰ খৰ্বৰ মই পৰিপন্থী| তদুপৰি আধুনিক জৈৱবৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত এই কথা প্ৰতীয়মান যে সমকামী আচাৰ কেবল অভ্যাসজাত নহয়, কিছু পৰিমাণে জৈৱিকো (এই লিঙ্কটো চাওঁক)| সেয়েহে সমকামীভীতিত মই নোভোগোঁ| আমাৰ ৰক্ষণশীল সমাজত থাকিও ব্যক্তিগতভাৱে সমকামী গোটক স্বীকৃতি দিওঁ| আনকি অন্যথা মোৰ প্ৰিয় লেখক তথা বামপন্থী বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইদেৱে তেখেতৰ আত্মজীৱনীত সমকামীত্বক পশ্চিমীয়া কুৰুচি বুলি নাকচ কৰাতো মোৰ আপত্তি আছে|

সি যিকি নহওঁক এই সদাশয় ব্যক্তিজনে মোক পাছলৈ জনালে যে তেখেতক হেনো এই বিষয়ে অৱগত কৰিছে মই আগতে থকা অনুষ্ঠানটিৰ সংস্কৃতিতত্বৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে| এজনৰ বাদে আন কাৰো নাম মনত পেলাব নোৱাৰিলোঁ, কিন্তু তেখেতসকলে ইমান বছৰৰ পাছতো মোক ইমান চেনেহেৰে মনত ৰখা দেখি মোৰ বুকু উথলি উঠিল| অলপ মনত পেলাবৰ চেষ্টা কৰি দেখিলোঁ যে মোৰ বিৰূদ্ধে এই আপত্তি অনা ছাত্ৰ-ছাত্ৰীসকল আছিল সেই অনুষ্ঠানটিৰ তথাকথিত বুদ্ধিজীৱী| কথাই কথাই উত্তৰ আধুনিকতাবাদ, বিনিৰ্মানবাদ আদি সাঙুৰি আনি মৌখিক চমৎকাৰ সৃষ্টি তেখেতসকলৰ মজ্জাগত| মই পাছে কেতিয়াও তেখেতসকলৰ তত্ব বা বা বাদবোৰ বুজি নেপালোঁ আৰু শ্ৰেণীকোঠাত বা কাফে কফি ডে’ত বহি তত্ব জাৰিলে সংখ্যালঘূসকলৰ কিবা উন্নতি হ’ব বুলিও মই নেভাবিলোঁ| তদুপৰি তেখেতসকলৰ উচ্চ মধ্যবিত্ত, মহানগৰীয় ইংৰাজীৰ আগত মোৰ জকাইচুকীয়া কক-মমই কোনো পাত্তাও নেপায়| সেয়েহে এই তত্বভীতিগ্ৰস্ততাত আৰু নিচাত্মিকাবোধত ভূগি তেখেতসকলৰ পৰা সদায় এটা নিৰাপদ দূৰত্ব অৱলম্বন কৰি আছিলোঁ-ঠিক যেনেকৈ হাতীৰ বিষ্ঠা দেখিলেও শহাই উভোতাই লৰ মাৰে, তেনেকৈ| কিন্ত দেখিছোঁ কালে বিপৰীতহে হ’লগৈ| তেখেতসকলে মোৰ এই সশ্ৰদ্ধ নিলগতাৰ ভাৱান্তৰ কৰিলে মোৰ সমকামীভীতিগ্ৰস্ততা বুলিহে| মোৰ ৰুমমেটক কথাটো কোৱাত মোৰ দৃষ্টিভঙ্গী বুজি পোৱা তেখেতেও খুবেই আমোদ পালে| পাছে কথা হ’ল ঘটনাটোৱে মোক অলপ ব্যতিব্যস্তও কৰি তুলিছে কাৰণ তেখেতসকলক মোৰ মনৰ কথাখিনি কোৱাৰ বা বুজোৱাৰ কোনো উপায় নাই| তেখেতসকলৰ মতে হয়তো সংখ্যালঘূ বা নিপিড়িত জনতাৰ ওপৰত গৱেষণা কৰাৰ ঠিকাটো তেখেতসকলে লৈ থৈছে য’ত কোনো অতত্ববিদ মানেই হ’ল প্ৰচণ্ড সোঁপন্থী, প্ৰতিক্ৰিয়াশীল| সংখ্যালঘূ উদ্ধাৰৰ নামত কথাৰ ফুলজাৰি মাৰিব নজনা সকল তেওঁলোকৰ বাবে অস্পৃশ্য বা ভীতিগ্ৰস্ত|

হে মোৰ অতিবুদ্ধিজীৱী বন্ধুসকল, আপোনালোকৰ লগত দুটামান চিগাৰেট হোপাৰ আগ্ৰহ মোৰো নথকা নহয়| সঁচাকৈ, মই ভাল পালোঁহেঁতেন আপোনালোকৰ লগত চিগাৰেট হুপি হুপি ডাঙৰ ডাঙৰ তত্ব আলোচনা কৰিবলৈ, দীঘল দীঘল গৱেষণাপত্ৰ লিখিবলৈ, শ্ৰেণীকোঠাত বহি অন্ধ্ৰৰ কোনো গাঁৱৰ নিপীড়িত জনতাৰ উদ্ধাৰৰ বাবে এটা সাংস্কৃতিক তত্ব প্ৰস্তাৱ কৰিবলৈ বা কেইজনমান সংখ্যালঘূক এদিন পুৱা গোটাই ৰাজভৱনৰ আগত ধৰ্ণা দিবলৈ আৰু তাৰ অৱসাদত কাফে কফি ডে’ত বহি এটা আইচড কফি খাবলৈ| কিন্তু তেনে প্ৰতাৰণা মোৰ স্বভাৱৰ পৰিপন্থী| বুদ্ধিজীৱীৰ ছদ্মৱেশে মোক শ্বাসৰুদ্ধ কৰে, মোৰ বিবেকক খুন্দি খুন্দি মাৰে| মোক ক্ষমা কৰক আপোনালোকৰ শাৰীত শাৰী মিলাই বহি বৌদ্ধিক কচৰত কৰাৰ ক্ষমতা মোৰ নাই, কিন্তু কাবৌ কৰিছোঁ মোৰ এই অক্ষমতাক যেন আপোনালোকে মোৰ সমকামীভীতি বা আপোনালোকৰ সৰ্বাংগসুন্দৰ সাংস্কৃতিক তত্ববাদৰ পৰিপন্থী বুলি নেভাবে|