টিভিৰ কথা
Saturday, October 18th, 2008সৰুৰ কিছুমান কথা মনত থাকোঁতেই লিখি থোৱা ভাল| যেনে মোৰ মনত আছে আমি ছাগে তেতিয়া ৪ বছৰীয়া| টিভিৰ উপস্থিতি আমি তেতিয়াও জনা নাই| এদিন মনত আছে আমাৰ সমনীয়া ৰাজে আহি ইস্কুলত মোক কৈছিল-’জাননে, আমাৰ হাঁহচৰাৰ মামাহঁতে নতুন ৰেডিঅ’ এটা কিনিছে, তাত মানুহবোৰ চাইও থাকিব পাৰি’| সেয়াই টিভিৰ বিষয়ে জনাৰ মোৰ প্ৰথম সোঁৱৰণি| পাছে ৰাজৰ পৰা এই বাতৰিটো পাই মই বৰ ভাল পোৱা নাছিলোঁ| কাৰণ বাতৰিটো পোৱাৰ কেইসপ্তাহমান আগৰে পৰা মই কাগজত ছবি আঁকি আঁকি এনেকুৱা যন্ত্ৰ এটা পাঙি আছিলোঁ য’ত শব্দ শুনাৰ বাহিৰেও মানুহৰ ছবি চাব পাৰি| তেতিয়া আনে ইতিমধ্যে তেনেকুৱা এটা যন্ত্ৰ উলিয়াই দিয়াত মোৰ কষ্টখিনি অথলে যোৱাত মনতে বেজাৰ লাগিছিল|