জন্মদিনত মই

ৱিলিজন্মদিনটো পাতি একেবাৰে ভাল নেপাওঁ বুলি নকওঁ| লগৰবোৰে ইমান উছাহেৰে পাতিব খুজিলে তাতনো মই মাত মাতিবলৈ কোন? এইবাৰ মোৰ জন্মদিনটো একেবাৰে মাহজোৰা কাৰ্য্যসূচীৰে পালন কৰা দৰেই| আজি দুদিন আগতেও মোৰ থাই বন্ধু বেল, ট’নি, নেন, এপলহঁতে মাহটোত তৃতীয়বাৰ মোৰ জন্মদিন পাতিলে :)

জন্মদিনৰ এদিন আগতে টাইৱানৰ বন্ধু জিমিয়ে প্ৰস্তাৱ দিলে যে আমি চব য়াৰ্লিং নামৰ ৰেষ্টুৰেন্টখনলৈ যাব লাগে| জিমিৰ খোৱা বোৱাত আগ্ৰহ মোৰ দৰেই| লগতে যোগ দিব তাৰ ভনীয়েক প’লা আৰু আমাৰ উমৈহতীয়া বন্ধু মুৎচুৱ’, মাছেল আৰু প্ৰবীৰদাই| য়াৰ্লিং ৰেষ্টুৰেন্টৰ বিশেষত্ব হ’ল তাত পোৱা exotic খাদ্য|

সংযোজনঃ য়াৰ্লিং ৰেষ্টুৰেন্টৰ আন এটা বিশেষত্ব হ’ল তাৰ ব্লুজ শৈলীৰ সংগীত| বিখ্যাত ব্লুজ গায়ক ৱিলি গ্ৰীনে তাত নিয়মীয়াকৈ গায়| আমিও তেখেতৰ ব্লুজ শুনাৰ সৌভাগ্য লভিলোঁ|

Youtube-ত তেখেতৰ ভিডিঅ’ এটা পাই তাকো তলতে সাঙুৰি দিলোঁ:

Loading...

ভেকুলীৰ ঠেংঘৰিয়ালৰ নেজবটাচৰাইহৰিণাৰ মাংসআমি আৰম্ভ কৰিলোঁ হৰিণাৰ মাংস আৰু ভেকুলীৰ ঠেঙেৰে| বহুদিনৰ পাছত হৰিণাৰ মাংস খাই বৰ জুতি পালোঁ হ’লে| অৱশ্যে ভেকুলীৰ ঠেংবোৰ তেলত বেছিকৈ ভজা কাৰণে বৰ ভাল নালাগিল|তাৰ পাছত আহিল ঘৰিয়ালৰ নেগুৰ ভজা (বাওঁফালে)| একেই তেলেতীয়াকৈ ভজা| আৰু লগতে আহিল বটাচৰাই ভজা (সোঁফালে)|এই মাংসকেইবিধ খোৱাৰ পাছত মোৰ ভালপোৱাৰ হিচাপত লিষ্টিখন তলত দিয়া ধৰণৰঃ

১. হৰিণা
২. বটাচৰাই

৩. ছাগলী

৪. ভেকুলী

৫. গৰু

৬. ঘৰিয়াল

৭. কুকুৰ

খাই ভালপোৱা চমঝদাৰ মানুহে সুধিব লিষ্টখনত গাহৰি ক’ত? কথা হ’ল গাহৰি মাংস হ’ল লতা মঙ্গেশকাৰৰ নিচিনা| তুলনাৰ বহু ওপৰত| কোনো আন মাংসই গাহৰি মাংসক সততে চুব নোৱাৰে বুলি মই খাটাং|ঠিক তেনেকৈ মুৰ্গীৰ মাংসৰ নামো লিষ্টিখনত নাই কাৰণ তাতকৈ তলৰ খাপৰ কিবা মাংস হ’ব পাৰে বুলি মই নাভাবোঁ| অৰ্থাৎ ‘বাই ডিফল্ট’ মুৰ্গীৰ মাংস অটাইতকৈ তলত!

অলপ আচহুৱা খোৱাৰ কথা পাতিছোৱেই যেতিয়া মোৰ শেহতীয়া প্ৰিয় স্নেকটোৰ কথা কওঁ| অলপদিনৰ পৰা মই জাপানী অক্টোপাছৰ পকৰি ধৰণৰ বস্তু এটা কিনিবলৈ লৈছোঁ| খাবলৈ ঠিক লেকেতা ধৰণৰ কিন্তু বৰ ভাল লগা| লগতে পেকেটটোৰ ফ’ট’ এখন দিলোঁ–

অক্টোপাছ

“জন্মদিনত মই”ৰ বিষয়ে 8টা মন্তব্য

  1. JJৰ মন্তব্য :

    Haven’t got a chance to taste ঘৰিয়াল and বটাচৰাই, but agreed on the order for the rest in the list… :-))

  2. JJৰ মন্তব্য :

    লিষ্টিখনত হাঁহৰ মাংসই ঠাই নোপোৱা দেখি আচৰিত হৈছোঁ। কথাটো আগৰবাৰত লিখিবলৈ নহ’ল।

  3. MMৰ মন্তব্য :

    মিতা, হাঁহৰ মাংসৰ কথাটোত ময়ো একমত| এতিয়া ভাব হৈছে মই দেখোন একো খোৱায়ে নাই (ভেকুলী, ঘৰিয়াল, কুকুৰ..)!! শহাপহুৰ বিষয়ে কিবা মন্তব্য ?? (সোৱাদ লোৱা মানুহে ভাল বুলি কয়, মোৰ হলে খাবলৈ অলপ চিন্তা কৰিব লাগিব!)

  4. Mayuriৰ মন্তব্য :

    Bota Sorai tu khabole kenekuwa?? Paro type neki?? & paro u dekhun list t nai..haanh and paro dutai khabole bhal..ki kuwa??

  5. যাযাবৰৰ মন্তব্য :

    @All
    হু…হয় পিছে হাঁহৰ মাংস নথকাত মই নিজেই অলপ আচৰিত…ঠিক| হাঁহৰ মাংস থকা উচিত আছিল|পাছলৈ লিষ্টিখন অলপ দীঘলীয়া কৰিম|

    @MM
    শহাপহু এবাৰমানহে খাইছোঁ| ভালকৈ মনত নাই| আকৌ এবাৰ খাই ক’ম কেনেকুৱা হয় :)

    @MAYURI
    বটা চৰাই খাবলৈ বৰ ভাল| মইপিছে পাৰ ইমানকৈ খোৱা নাই|

  6. Антон Павловичৰ মন্তব্য :

    не помне…

    ….

  7. Kylie Battৰ মন্তব্য :

    Извиняюсь что, ничем не могу помочь. Но уверен, что Вы найдёте правильное решение. Не отчаивайтесь….

    инженер связи ….

  8. Kylie Battৰ মন্তব্য :

    честно впадлу…..

    Помошник по хозяйству, водитель. ….

আপোনাৰ মতামত পঠাওক