গল্পও নহয় দেখোন!
“কেন কিছু কথা বলনা…”—বাঃ, কি সুন্দৰ গানটো! সুৰটো সলিল চৌধুৰীৰ হবলা। গানটোৰ আটাইতকৈ ভাললগা অংশটোত এটা “কেৰ…ৰেক”–কোনোবা এটা উঠি গৈছে। “লতা মঙ্গেশকাৰডালে একো গাব-চাব নাজানে, একদম ফাল্টু চিংগাৰ”। অপ্ৰত্যাশিত ঘোষণাটোত আমি সকলোৱে চক্ খাই উঠিলোঁ। নিঃসন্দেহে কৌশিক! মই লতা মঙ্গেশকাৰ সম্পৰ্কীয় মন্তব্যটোত বৰ সুখী নহয় বুলি বুজাবলৈ তাৰ টেঁটুটোত টেপা মাৰি ধৰিলোগৈ, হেমাংগই কিবা এটা ভোৰভোৰালে (হয়তো “ফাল্টুচব ক’ৰবাৰ” জাতীয়), সমুদ্ৰই তাৰ ক্ষীণ ভৰিদু্খন সম্প্ৰসাৰিত কৰি কৌশিকৰ কটিপ্ৰদেশৰ ভাৰকেন্দ্ৰতে এটা প্ৰচণ্ড গোৰ শোধালে। চিৰাচৰিত নিয়মমতে ঘটনাৰ আকস্মিকতাত বেদান্তৰ চকুৱে-মুখে এগালমান প্ৰশ্নবোধক আৰু আশ্চৰ্য্যবোধক চিনৰ সৃষ্টি হ’ল। সি ঘটনাটো বুজিবৰ চেষ্টা কৰিলে।
ই কৌশিকে মাজে মাজে এনেকুৱা একোটাহঁত কমেন্ট দি দিয়ে যে তাৰ ওপৰতনো কি প্ৰতিক্ৰিয়া কৰিব পাৰি ভবাই নাযায়। মহা মস্কিল! আমি কেইটাৰ (আৰু এজন আছে দেই-ৰাজীৱদা, তেওঁৰ প্ৰবেশলৈ অলপ পৰ আছে) চিন্তাবোৰ মোটামুটি একেধৰণৰ, কিন্তূ কৌশিক সদায়েই ব্যতিক্ৰম—অসম্ভৱধৰণে। আমিবোৰে হয়তো এগালমান চাহ-চিংৰা-চিগাৰেটৰ শ্ৰাদ্ধৰ পাছত সিদ্ধান্ত লৈছোঁ—“নাই আৰু নোৱাৰি ৰৈ থাকিব, অসমৰ ভবিষ্যত এতিয়া আমাৰ হাতত। অলপ পঢ়া-শুনাৰ পাছতেই আমি অ’নেষ্টলি অসমৰ ডেভেলপমেন্টৰ বাবে কাম কৰিব লাগিব (সেই সময়ত আকৌ কেইজনমানে আমাক কাকতে পত্ৰই ঘনাই সোঁৱৰাই থাকে—হেৰৌ গৰুহঁত, অ’নেষ্টলি নহয় ‘আউনেস্তলি’হে, ইত্যাদি)। ঠিক সেইমুহুৰ্ত্ততে আমাৰ সকলো উত্তেজনা, দেশপ্ৰেমৰ অন্ত পেলাই কৌশিকে ঘোষণা কৰিছে, “ওঁহো, কৌশিক শইকীয়াই এ.ছি.এছ ল’ব আৰু তামাম পইছা খাব। ডেভেলপমেন্ট-চেভেলপমেন্ট—হু কেয়াৰছ?” আমিও তভক মাৰি ৰওঁ, হেমাংগই ভোৰভোৰায়, বেদান্তই অসহায়ভাৱে ইফালে-সিফালে চায়।
সেইবোৰ দিনতে বেদান্তই অৰ্থনীতি পঢ়ে। আমিও ভালেই পাওঁ, অন্ততঃ আমাৰ গ্ৰুপটোৰ প্ৰত্যেকেই কিবা নহয় কিবা দিশত দেশলৈ বৰঙনি আগবঢ়াব। চাহ-তেলতো আছেই এতিয়া বেদান্তই অৰ্থনীতিৰ দিশটো চাই দিলেই সকলো জাতিচ্কাৰ হ’ব। আমাৰ দৃঢ় বিশ্বাস সি এদিন অসমৰ অৰ্থনৈতিক উন্নয়নৰ চাবি-কঠিপাত উদ্ধাৰ কৰিব আৰু আমাক ক’ব, “হোঁৱা এইপাত, খোলা তলাটো বাপ্পেকে!” (সেইবোৰৰ মাজতে এদিন হেমাংগ আৰু বেদান্তৰ কিবা কথাত কাজিয়া লাগিছে, সৰুফুটীয়া হেমাংগই পাহাৰসদৃশ বেদান্তক ঘুঁচিয়াই তাৰ ওঁঠ ফালি দিছে, তাৰ ওঁঠৰ পৰা ধাৰাসাৰে তেজ ওলাইছে আৰু সি আকৌ এবাৰ হতবাক হৈ গৈছে, তাৰ মুখত আৰু কেইটামান আশ্চৰ্য্যবোধক চিনৰ সৃষ্টি হৈছে। তাহাঁত দুটাৰ সম্বন্ধ নমতা-নমতিৰ পৰ্য্যায় পাইছেগৈ!)
আমাৰ মাজত এদিন আবিৰ্ভাৱ ৰাজীৱদাৰ। আমাতকৈ দুবছৰ ডাঙৰ, কিন্তূ নিজৰ সহপাঠীবোৰক লৈ অসুখী, বিতুষ্ট। আমিও সেই সদায় ‘ৱেলকাম’ ধৰণৰ মানুহ, ৰাজীৱদাক আমাৰ আড্ডাত সুমুৱাই লোৱা হ’ল, নিৰ্বিবাদে। ৰাজীৱদা নিজে আকৌ সম্পাদকলৈ চিঠি লিখা ধৰণৰ সমাজ-সচেতন লোক। হঠাতে এটা ডাঙৰ ‘হেল্ল’’ দি সোমায়হি—লগত নানা আঁচনি। এবাৰ ঠিক কৰা হ’ল—নাঃ, ভাষাটোৰ ইমান অপমান হ’বলৈ দিব নোৱাৰি, চহৰখনৰ কোনোবা ছাইনব’ৰ্ডত যদি লিখা আছে, “ইয়াত ভাত-মাংখ পুৱা যায়”, আমাৰ কাম হ’ব সংস্লিষ্ট ছাইনব’ৰ্ডৰ মালিকক লগ ধৰি ভাষাটো শুদ্ধ কৰিবলৈ খাটনি ধৰা। পাছলৈ অৱশ্যে ছাইনব’ৰ্ডৰ মালিকসকলে শুধৰণিৰ খৰছ আমাৰ পিতৃসকলে দিব নেকি-জাতীয় প্ৰশ্ন কিছুমান কৰাত, সেই অভিযানৰ অকাল কিন্তূ শান্তিপূৰ্ণ সামৰণি পৰিল। আমাৰ আচল কথা হ’ল ৰাজীৱদাক হতাশ কৰিব নোৱাৰি। ‘না’ ক’লে মানুহটোৰ চকু চলচলিয়া হৈ যায়, মাত থোকাথুকি হৈ যায়, মানুহটোৱে ছশমাজোৰ বাৰে বাৰে নিজৰ নাকত সংস্থাপিত কৰাৰ কছৰত কৰিবলৈ লয়। তেনে কিছুমান বিব্ৰতকাৰী মুহূৰ্ত্তৰ সষ্টি হোৱাতকৈ আমি অপ্ৰকাশ্যে ঠিক কৰি থৈছোঁ—ৰাজীৱদাক না নকওঁ। তেওঁ যদি দিন-দুপৰতে আমাক পদুমপুখু্ৰীত সাঁতুৰিবলৈও ধৰেহি, আমি ৰাইজে বিনা প্ৰতিবাদে তিয়নি পিন্ধি চাইকেল মাৰিম, পদুমপুখু্ৰী অভিমুখে!
ইফালে সমুদ্ৰ—সিতো কবিতা লিখিয়েই আছে সদায়। আমাক আচৰিত কৰি প্ৰতিনিশা সি প্ৰায় দহ-বাৰ পৃষ্ঠা দীঘল একোটাহঁত কবিতা লিখি উলিয়ায়। আমিও লিখিছিলোঁ মাজে-মাজে, কিন্তূ দিন যোৱাৰ লগে-লগে আমাৰ দেখোন কবিতাবোৰ ওলাবলৈ বন্ধ কৰিলে—একধৰণৰ শ্ল’ ডেথ!
সমুদ্ৰই ছবিও আঁকে, ভাল ছবি (অৰ্থবোৰ আমাৰ উৰ্দ্ধত)। দিনৰ নিৰ্দিষ্ট এটা সময়ত সি কমলদাৰ দোকানত ৰৈ থাকে—তাই আহে, দুয়োটাই কমলদাৰ নোহোৱা বিয়াখনৰ কথা পাতে, হাঁহে, চপ্ খায় আৰু গুছি যায়। কেতিয়াবা তাহাঁত মহাভৈৰৱৰ চিৰিকেইটাত বহে, কি কথা পাতে নাজানোঁ, জনাৰ উত্সাহো নাছিল।
হেমাংগৰ কান্ধত জোলোঙা এটাই বাঁহ লৈছে, সি দিন-ৰাতি চাইকেল মাৰিছে। সি ইতিমধ্যে বুজি উঠিছে যে অসমত এটা ডাঙৰ বিপ্লৱৰ দৰকাৰ আৰু এই বিপ্লৱ হ’ব মন্চইদি। সি ৰতন থিয়াম, কানহাইয়ালালৰ নাটক চাইছে, তাৰ বিষয়ে কলেজ মেগাজিনত এটা সাংঘাটিক তত্বগধুৰ প্ৰৱন্ধ লিখিছে—মুঠতে এটা চাবলগীয়া, দুধৰ্ষ কাৰবাৰ। মাজতে দুদিনমান সি নোহোৱাও হ’ল, কানহাইয়ালালক বিচাৰি একেবাৰে মণিপুৰ পালেগৈ, কানহাইয়ালালে নিজেই শেষত খেদাই পঠিয়ালে, তেহে—
সেই সময়ত চহৰখনৰ বিশেষ ৰাস্তা এটাইদি ময়ো অলপ বেছিকৈয়ে অহা-যোৱা কৰিবলৈ লৈছোঁ। কথাটো চহৰখনৰ মানুহৰ চকুতো পৰিছে। লগৰবোৰৰ মিছা আশ্বাসত পতিয়ন গৈছোঁ যে মোৰ গাত থকা গল্পলেখকৰ ‘জিন’টোৰ মই সদ্ব্যৱহাৰ কৰা উচিত। কলেজ মেগাজিনত ধাৰাবাহিকভাৱে দুটা গল্প লিখিলোঁ। পাঠকে আপত্তি কৰিলে দুৰ্বোধ্য আৰু উদ্ভট বুলি। শুনি পৰম আনন্দ পালোঁ—তাৰমানে কিবা এটা সাংঘাটিক গল্প হৈছে আৰু! তিনিনম্বৰ গল্পটো আৰু নোলোৱা হ’ল—কেনেকৈ আৰম্ভ কৰোঁ, আৰম্ভনিবোৰোচোন এদায় হ’লগৈ! কি গল্প লিখোঁ-বামপন্থী নে ৰোমান্টিক নে চল্তি? নিজৰ অভিজ্ঞতাৰে দেখোন তৃতীয়টো গল্পৰ বাবে নুকুলায়গৈ। আৰু আভুৱা ভৰিব নোৱাৰি—মোক বাৰে বাৰে যেন কোনোবাই সোঁৱৰাই দিছে— “ওঁ হৈ গৈছে, মিষ্টাৰ গল্পকাৰ আপুনি আপোনাৰ তৰোৱালখন খাপত ভৰাই থওক আৰু ৰাইজক (মানে যি বিশ-ত্ৰিশ জনে মোৰ গল্প কলেজত পঢ়িছিল) সকাহ দিয়ক”। আনুষ্ঠানিক শিক্ষাত মন দিলোঁ—অ’ড টু অটম, মাৰ্গাৰেট এটৱুড মুখস্থ মাৰিছোঁ– পৰীক্ষা পাছ কৰিব পৰাকৈ। অধ্যাপকৰ আদেশত ‘গ’ল্ডেন বাও’খন পঢ়াৰ বৃথা প্ৰচেষ্টা এটাও চলালোঁ-নাই নহ’লগৈ আৰু।
ঠিক যি সময়ত আমি প্ৰেমত এটা স্থিতি পাবৰ চেষ্টা কৰিছোঁ, কৌশিকে এক জ্ঞাত-অজ্ঞাত স্থানত তাৰ প্ৰেম-প্ৰাৰ্থীনীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে, বিনা অনুশোচনাৰে। না কওঁতে হেনো তাৰ এক নেন’ছেকেণ্ডো লগা নাছিল। নেন’টেকন’লজি তেতিয়া কাগজে-খবৰে উপচি পৰিছে, সকলোবোৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ হোৱাৰ পথত তেতিয়া।
বি.এৰ ৰিজাল্ট ওলাল। ৰিজাল্ট যেনে আশা কৰিছিলোঁ তেনেই হৈছে। যিমান পঢ়িছিলোঁ সিমানহে নম্বৰ পাম আৰু। বি.এৰ পাছতে চবেই টোপোলা বান্ধিলোঁ—ঠিক যেন সকলোবোৰ পূৰ্বনিৰ্ধাৰিত আছিল—এটা দিন আহিব, বি.এৰ ৰিজাল্ট দিব আৰু আমি সকলোৱে নিজৰ নিজৰ বাট ল’ম! গম পাওঁতে-নাপাওঁতেই তিনিবছৰীয়া গ্ৰুপটো তিনিমাহতে থান-বান হ’ল।
মই অসমৰ পৰা ওলাই আহিলোঁ। কাহিনী লিখা এৰিলোঁ, কিন্তূ কোৱা আৰু শুনা হ’লে নেৰিলোঁ দেই। নতুন নতুন বন্ধু হ’ল, নতুন নতুন কাহিনী ওলাল। নাগালেন্ডৰ লিয়ে ক’লে তাইৰ আইতাকৰ আত্মাৰ স’তে তাই কথা পতাৰ কাহিনী—মই শুনি যাওঁ, শেষ হয় একাপৰ পাছত আনকাপ কফি, মোৰ চকুৰ আগেদি ভাঁহি যায় মোককচোং, উংমা গাওঁ। টাইৱানৰ জিমিয়ে ক’লে কৰ্কটৰোগত ভূগি মৃত্যুৰ ক্ষণ গণি থকা তাৰ ষোল্লবছৰীয়া ভনীয়েকৰ কথা, সমবয়সীয়া চীনা বন্ধু শ্চিয়াও-শ্চিনৰ (তাইৰ নামটোৰ অৰ্থ আকৌ ‘এধানিমান হদয়’) মাজে-মাজে সাংঘাটিক নাৰ্ভাছ ব্ৰেকডাউন হয়। তাইৰ গৰ্ভপাত কৰোৱা সন্তানটোৱে হেনো তাই চকু মুদিলেই ‘মা’ বুলি মাতে। পাগলামি বেছি হ’লে তাই চবকে কিবা উকা চাৱনিৰে চাবলৈ ধৰে।
কাহিনীবোৰ কিবা ছিৰিয়াছ আৰু জটিল হ’বলৈ আৰম্ভ কৰিলে।
*****
কৌশিকে আজিকালি স্বেচ্ছাসেৱী সংগঠন এটাত সোমাইছে। সমুদ্ৰ এতিয়াও সাহিত্য-কলাৰ বিশাল মহাসাগৰখনত বুৰ গৈ আছে। মাজে-মাজ কাগজে পত্ৰই ওলোৱা দুটামান কবিতা প্ৰবন্ধৰ বুৰবুৰণিয়ে আমাক আস্বস্ত কৰে যে সি এতিয়াও শ্বাস লৈ আছে, জীয়াই আছে। শেহতীয়াভাবে শুনামতে সি শান্তিনিকেতনৰ ফালৰ বঙালী ছোৱালী এজনী বিয়া কৰাব বুলি ঘৰলৈ ভাবুকি পঠাইছে। মাকে কি কৈছে নাজানোঁ। বেদান্তই প্ৰশ্নবোধক আৰু আশ্চৰ্য্যবোধকবোৰ তাৰ চকু-মুখৰ পৰা নমাই এতিয়া ছপা ৰূপ দিছে—এসময়ত সি নিজে সমালোচনা কৰা বাতৰি কাকত এখনত সহ-সম্পাদকজাতীয় কাম এটাত সোমাইছে আৰু জবৰজং হেডলাইন লিখিছে, “অমৰেশ বৰুৱা কক্স বজাৰত গ্ৰেপ্তাৰ???” বা “পুলিচৰ চকুত ধুলি দি দিছপুৰ ঘূৰিলে গোবিন্দ ৰাজখোৱা!!”।
ৰাজী্ৱদাই বহুজাতিক কোম্পানী এটাত ভাষা শুধৰোৱা-জাতীয় কাম এটা কৰে। ইহজগতৰ কত ঘাগু-ঘাগু বহুজাতিক কোম্পানীয়ে মানি লয় ৰাজীৱদাৰ ভাষা শুধৰনি-বিনা প্ৰতিবাদে! তেওঁৰ সমাজ সচেতনতা এতিয়া কিমান, সেই সম্পৰ্কে আমি অজ্ঞাত। (কথাৰ লাচতে কৈ থওঁ সময়ে তাৰ অব্যৰ্থ দৰব-জাতিৰে ইতিমধ্যে “কোম্পানী নহয় কাউম্পেনি” জাতীয় সাৱধানবাণীবোৰ দমাই দিছে, কিন্তূ তাৰ পাৰ্শ্বক্ৰিয়া হিচাবে সেই বুদ্ধিজীৱিসকলৰ হতুৱাই পৌৰনিগমৰ বিৰূদ্ধে বেছ যুক্তিসম্পন্ন এখন অঘোষিত যুদ্ধ আৰম্ভ কৰোৱাইছে।)
মঞ্চ, নাটকৰ জৰিয়তে বিপ্লৱ আনিব খোজা হেমাংগই হঠাত এদিন নিজে এটা সাংঘাটিক নাটকীয় স্পেক্টেকলৰ সহায় লৈ নোহোৱা হৈ গৈছে। মঞ্চৰ সকলো পোহৰ সি নুমুৱাই দিছে আৰু সেই ঘোপমৰা অন্ধকাৰত আমি তাক বিচাৰি ফুৰিছোঁ। সি ঘোঁচা মৰা ওঁঠ শুকাওঁতে-নুশুকাওঁতেই বেদান্তই তাক বিচাৰি গুৱাহাটীৰ অলি-গলি চলাথ কৰিছে। এদিন তাকে কৰোঁতে মণিপুৰী বস্তিত তাৰ আকৌ এবাৰ ঘোঁচা খোৱাৰ উপক্ৰমেই হৈছিল, কোনোমতেহে।
দেখিলোঁ, দেশত আৰু থাকিব নোৱাৰি। দেশৰ কাহিনীবোৰ হয় শেষ হৈ আহিছে বা একঘেঁয়ে হৈ আহিছে। হোষ্টেলৰ ওপৰেদি সদায় উৰামৰা চিনাকি প্লেনখনৰ টিকট কাটিলোঁ। লগৰবোৰক টা-টা, গুডবাই দিলোঁ। এয়াৰপ’ৰ্টত পোন্ধৰটামানে থ’বলৈ আহিলে। তাৰে দহ শতাংশই কান্দিলে। দেশ এৰিলোঁ।
বিশেষ ঋতু এটাত নিউয়ৰ্কলৈ যাওঁতে দেখিলোঁ অটম লিভছ। অ’ড টু অটম, মাৰ্গাৰেট এটৱুদৰ মহত্ব পৰিস্কাৰ হৈ গ’ল। এয়াৰপ’ৰ্ট এটাৰ কফি বেচা ছোৱালী এজনীৰ কাণত থুৰীয়াহেন কিবা এযোৰ দেখি সোধাত তায়ো ক’লে তাইৰ ককাকে ইজিপ্তৰ কোনো ৰত্নভান্ডাৰৰ পৰা থুৰীয়াযোৰ বোটলাৰ কাহিনী। এটা সাংঘাটিক এডভেন্সাৰ কাহিনী।
লাহে-লাহে মই বুজি উঠিছোঁ যে কাহিনী কোৱাৰ সমল বা সামৰ্থ্য—এটাও মোৰ নাই। লি, জিমি, শ্চিয়াও-শ্চিনহঁতৰ দৰে কাহিনী মোৰ জোলোঙাত নাই। মোৰ কাহিনীত কোনো উত্তেজনা নাই, অকনো উম নাই। জানোঁ, এদিন তাৰ অজ্ঞাতবাসৰ অন্ত পেলাই হেমাংগও ঘূৰি আহিব, সাধু-সাধু লগা বহুতো কাহিনী লৈ আৰু ময়ো মন্ত্ৰমুগ্ধৰ দৰে শুনি যাম সেইবোৰ ঘন্টাৰ পাছত ঘন্টা।
মই নিজে কাহিনী বা গল্পৰ নামত কৰিব পাৰোঁ এটা সুচতুৰ প্ৰতাৰণা, এটা চালাকি যিবোৰ কোনেও থৰহৈ নুশুনিব, শুনিলেও কোনো উত্তেজনা অনুভৱ নকৰিব। মই নোৱাৰোঁ তাহাঁতৰ দৰে কাহিনী ক’ব—মোৰ গল্প লিখা নহ’ব আৰু।
*****
“খট্,খট্…” টেপত বাজি থকা কেছেটটো বন্ধ হৈছে। “খট্,খট্…” শব্দ কৰি সি এটা মসৃন সমাপ্তিৰ বাবে বৃথা চেষ্টা চলাইছে।
“সলিল চৌধুৰীৰ নাছিলনে? ৰিৱাইণ্ড কৰি দেছোন।” ৰুমমে’টে নখ কাটি কাটি ক’লে।
“থাকক দে তেনেকৈয়ে, আৰু মন নাই আৰু”, মই কলমডাল বন্ধ কৰি দিলোঁ।
June 23rd, 2008 at 1:02 am
কোনে কয় এইটো গল্প নহয় ৷ গল্প হ’বলৈনো আৰু কি লাগে…জীৱনৰ মধুৰ স্মৃতিবোৰ সজতনে ৰখাইটো এটা মিঠা গল্প ৷ বহুত ভাল হৈছে ৷
June 24th, 2008 at 5:53 am
এটি বেলেগ ধৰণৰ ভাল গল্প !
July 5th, 2009 at 2:58 pm
লাহে-লাহে মই বুজি উঠিছোঁ যে কাহিনী কোৱাৰ সমল বা সামৰ্থ্য—এটাও মোৰ না —আপুনি বুজিও নুবুজাৰ ভাঁও ধৰিছে তে । ইমান ভাল লিখিছে যে মই নপঢ়ি ৰ’ব নোৱাৰিলো । ক’ত ছপালে ?
April 2nd, 2010 at 5:44 am
И что бы мы делали без вашей замечательной фразы…
Преподаватель ……
May 19th, 2010 at 1:59 am
Я извиняюсь, но, по-моему, Вы ошибаетесь. Давайте обсудим….
Охранник ……
July 21st, 2010 at 3:48 am
< blockquote >< a href=”http://medicamentspot.com/”>Medicamentspot.com. Canadian Health&Care.Best quality drugs.Special Internet Prices.No prescription online pharmacy. Low price drugs. Buy drugs online< /a >…
Buy:Cialis.Zithromax.Viagra Soft Tabs.Maxaman.Soma.Tramadol.Viagra.Propecia.Levitra.Viagra Super Force.Cialis Soft Tabs.Cialis Professional.Super Active ED Pack.Cialis Super Active+.Viagra Professional.Viagra Super Active+.VPXL….