মেলানি মগাৰ সময়

কেইবছৰমানৰ মূৰে মূৰে এই ভাল নলগা সময়টো আহে কাৰোবাৰ পৰা বিদায় ল’ব লাগে, কাৰোবাক আকৌ লগ পোৱাৰ সঁচা-মিছা প্ৰতিশ্ৰুতি দিব লাগে ভাব হয়, এতিয়া লগপোৱা মানুহবোৰ যেন কেতিয়াও আঁতৰ নহ’ব চকুৰ সন্মুখৰ পৰা-কিন্তু নাই- সকলো আবেগ-অনুভূতি আওকান কৰি আৰু এটা পৰীক্ষাৰ সময় হয়
আজি ইভাক বিদায় দিলোঁ তাই যেনেকৈ এদিন আহিছিল তেনেকৈয়ে গাড়ীখন চলাই গুছি গ’ল দুইমিনিটমানৰ কাৰণে মোক লগ পাবলৈ আহিলে, আজিও তেনেদৰেই ব্যস্ত-দৌৰাদৌৰি ইভাৰ- যাবলৈ দেৰী হৈ গৈছে তাইৰ
যোৱা কেইবছৰ ইভা মোৰ বহুতো ভাল বেয়া সময়ৰ সংগী হয়তো তাইৰ সহায় আৰু উত্সাহ নোপোৱা হ’লে মোৰ কামেই শেষ নহ’লহেঁতেন

হুৰহুৰাই বৰষুণ দিছে মই তিতি তিতি ৰাস্তাৰ কাষত ৰৈ আছোঁ-ঘৰলৈ সোমালে ইভাৰ আৰু দেৰী হ’ব খেজুৰ গছজোপাই অস্থিৰ বৰষুণজাকক নিয়মীয়া টোপালকিছুমানলৈ সলনি কৰি মোৰ বেগটো তিয়াই দিছে দূৰত দেখিছোঁ ইভাৰ বগা গাড়ীখন- ৱাইপাৰৰ ছন্দিত আহযাহৰ মাজত ইভাৰ মুখখন-খৰখেদাকৈ ইভাৰ কাৰণে অৰ্ডাৰ দি অনোৱা তাইৰ নাম লিখা কফি মাগটোৰ ডাঠ বকলাৰ পেকেটটো তাইৰ গাড়ীৰ পিছৰ ছিটত বহুৱাই দিছোঁ-মাগটোত লিখা আছে-“ইভা নামৰ ছোৱালীজনীঃ যি সদায় ব্যস্ত!” ইভাই কৈছে-“ইমান বৰষুণত তিতিবুৰি থকাতকৈ মই তোমাৰ ঘৰলৈকে যাব পাৰিলোহয়” হাঁহি এটা মাৰিছোঁ-ইভাই যাবলৈ গাড়ী ঘুৰাইছে হঠাতে কিবা এটা মনত পৰি আকৌ আগৰ দুৱাৰখন খুলি ইভাক কৈছোঁ-“তুমি গুছি গ’লেগৈ সঁচাকৈ বেয়া লাগিব” ইভাই স্মিত হাঁহি এটা মাৰি বিদায় লৈছে দুৱাৰখন বন্ধ কৰি দিছোঁ ময়ো কোবাকুবিকৈ ১২ নম্বৰ বাছখন ধৰিবলৈ ঢাপলি মেলিছোঁ ইভাৰ বগা গাড়ীখন ৰাস্তাটোৰ মূৰত নোহোৱা হৈছেগৈ

চেলফ’নত মিছড্ কল এটা ওলাইছে-ইভাৰ বাছৰ শব্দত ৰিং কৰা নুশুনিলোইভাই ভইছ্ মেছেজ এটা এৰিছে “প্ৰিয়ংকু…অ…কি কওঁ…তুমি দিয়া বস্তুটো দেখিলোঁ…ইমান হাঁহি উঠিছে দেখি…বিৰাট ভাল লাগিছে…কি কওঁ…সঁচাকৈ ভাল লাগিছে মই অকলে অকলেই হাঁহি আছোঁ…বহুত ধন্যবাদ…ধন্যবাদ…আকৌ লগ পাম…কেতিয়াবা লগ পাম…”
লাইটাৰটো বিচাৰি জেপটো খুচৰিছোঁ
বৰষুণ দিয়েই আছে, চকুদুটাৰ কোণত অলপ তপত আভাস এটা আকাশলৈ মুৰটো ডাঙি বৰষুণৰ পানীৰে চকুদুটা ধুইছোঁ, সোঁহাতেৰে মুখৰ পানীবোৰ মোহাৰি দিছোঁ আকাশলৈ চাই পঠিয়ালে বৰষুণৰ সৰু সৰু টোপালবোৰো দেখোন কিবা দীঘল শেল যেনহে লাগে!

rain.PNG

“মেলানি মগাৰ সময়”ৰ বিষয়ে 9টা মন্তব্য

  1. MMৰ মন্তব্য :

    মিতা, আজিকালি দুৰত থাকিলেও লগ পাই থকা যায়…. ! তথাপি মেলানি মগাৰ ক্ষণবোৰ আগতকৈ কম গভীৰ হৈ যোৱা নাই বোধহয় !!! পিছে ইভা কোন ? জানিবলৈ মন গ’ল!!

  2. যাযাবৰৰ মন্তব্য :

    হাঃ হাঃ বাটৰ কচু গাত ঘঁহি ল’লোঁ যেন পাইছোঁ…নে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলোঁ?

  3. অঞ্জল বৰাৰ মন্তব্য :

    এজাক বৰষুণত তিতি বিদাই দিয়াৰ দুখ আৰু আবেগ, মেলানি মগাৰ সময়তে নহয়… গোটেই জীৱনলৈ থাকি যায় ৷ বৰষুণ নিজেই এজাক প্ৰেমৰ কবিতা নহয়নে ????

  4. Rituraj Borahৰ মন্তব্য :

    ko’r eijak xopunjen boroxun….. we meet to create memories..we part to cherish them

  5. MMৰ মন্তব্য :

    মিতাই ভয় খাইছা নেকি বাৰু ?? :p

  6. যাযাবৰৰ মন্তব্য :

    নক’বা আৰু! ভয়তে পেঁপুৱা লাগি আছোঁ :)

  7. প্রিয়ংকাৰ মন্তব্য :

    বিদায়ৰ মূহুৰ্ত্তবোৰ সঁচাকৈয়ে বেদনাদায়ক। আপুনি আপোনাৰ অনুভৱ সুন্দৰভাৱে উপস্হাপন কৰিছে। লিখি থাকিব।

  8. Kylie Battৰ মন্তব্য :

    Я думаю, что Вы не правы. Я уверен. Предлагаю это обсудить. Пишите мне в PM, пообщаемся….

    Менеджер по продаже рекламного времени আজি ইভাক বিদায় দিলোঁ। তাই যেনেকৈ এদিন আহিছিল […….

  9. WADEৰ মন্তব্য :

    < blockquote >< a href=”http://pillspot.org/”>Pillspot.org. Canadian Health&Care.Special Internet Prices.No prescription online pharmacy.Best quality drugs. Online Pharmacy. Order drugs online< /a >…

    Buy:Viagra.Levitra.Viagra Super Force.Cialis Super Active+.Viagra Soft Tabs.Super Active ED Pack.Viagra Professional.Cialis.Viagra Super Active+.Maxaman.VPXL.Soma.Zithromax.Tramadol.Cialis Soft Tabs.Cialis Professional.Propecia….

আপোনাৰ মতামত পঠাওক