শুনা কথাহে…

হাইদৰাবাদত থাকোঁতে কোনোবাই কৈছিল চাৰমিনাৰৰ আশে-পাশে হেনো কৰোবাত মুজৰা হয়| কেবাবাৰো চাৰমিনাৰৰ ওচৰৰ অকোঁৱা-পকোৱা গলিবোৰেদি ঘূৰি ফুৰোঁতে কাণ উনাইছিলোঁ- শুনু নেকি কৰোবাত জুনুকাৰ ৰুণুক-জুনুক, কাৰোবাৰ বুকু চমচমাই যোৱা গজল? এদিন চিনাকি ইছমাইল পাণদোকানীকো সুধিছিলোঁ - সঁচা নেকি বতাহত উৰি ফুৰা কথাবোৰ| শুনিছিলোঁ আমাৰ চিনাকি মুৰ্গীৰ মাংস বেপাৰীটো হেনো মুজৰা শুনিবলৈ যায়- মুৰ্গী হালাল কৰি আমনি লাগিলে! সঁচা আছিল নেকি খবৰবোৰ? কথাটো সঁচা নেকি- আমাৰ কেম্পাছৰ পুখুৰীটোত জোবোৰা মাৰিলে পানীৰ তলত হেনো দেখি কোনোবা যুগৰ এগাল ভাস্কৰ্য্য, তাতে হেনো কোনোবাই এবাৰ জপিয়াই অপঘাট কৰিছিল? পুখুৰীটোৰ তলিখন বোলে ইমান দ যে ৰ’দৰ পোহৰো হাৰি যায় শেষত| সঁচা নেকি দুপৰ ৰাতি তাত হেনো শুনি কাৰোবাৰ বিননি? হোষ্টেলৰ এটা ল’ৰাই বোলে দিনৌ কাটিছিল তাৰ হাতৰ আঙুলিৰ এছোৱা? সঁচা নেকি তেজপুৰৰ দৌলবোৰৰ হেনো আছে প্ৰবল দৈৱিক শক্তি? অমুক হেনো আন্দোলনৰ সময়ত চৰকাৰৰ চৰহে আছিল?কথাটো সঁচানে যে কিছুমান প্ৰশ্নৰ কোনো উত্তৰ নাথাকে- আৰু থাকিলেও এনেহেন লাগে যেন প্ৰশ্নবোৰ প্ৰশ্ন হৈয়েই থাওক!

“শুনা কথাহে…”ৰ বিষয়ে 2টা মন্তব্য

  1. JJৰ মন্তব্য :

    বহুত দিনৰ পিছত লিখিলা… ভাল লাগিছে পঢ়ি। পিছে আৰু অলপ পঢ়িবলৈ মন থাকি গ’ল।

  2. Kylie Battৰ মন্তব্য :

    Эта замечательная фраза придется как раз кстати…

    Менеджер по туризму ……

আপোনাৰ মতামত পঠাওক