ভূটানৰ চিনেমা
ভাল চিনেমা চোৱা মোৰ হেঁপাহ প্ৰবল| জাহ্নু বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, সঞ্জীৱ হাজৰিকা আদিৰ বোলছবি আৰু গৌতম বৰুৱাৰ তথ্যচিত্ৰ আৰু ৱশ্ববিপ� আদি চিনেমা সৰুতেই দূৰদৰ্শনৰ কৃপাত চোৱা হৈছিল| ৱশ্ববিপ�ৰ উজ্জল ৰংবোৰ এতিয়াও চকুত লাগি আছে| সেইখন চিনেমা চোৱাৰ বহু দশকৰ পাছত আন এখন চিনেমা চালোঁ নামটো হ�ল Travelers and Magicians
ট্ৰেভেলাৰজ্ এন্ড মেজিছিয়ানজ্
থাওকতে চিনেমাখন চোৱাৰ আঁৰৰ কাহিনীটো কৈ থওঁ| ইন্টাৰনেটৰ জৰিয়তে কৰোবাত কেনেবাকৈ ছবিখনৰ ৱেবছাইটটো পালোগৈ| তাতে ছবিখনৰ ট্ৰেইলাৰ দেখিয়েই মুগ্ধ হ�লোঁ| ছবিখনে মোক আকৰ্ষিত কৰাৰ আন এটা কাৰণ হ�ল ছবিখন নিৰ্মান কৰিছে ভূটানত আৰু নিৰ্মান কৰা হৈছে ভূটানৰ ৰাষ্ট্ৰীয় ভাষা জংখাত| তাতোকৈ আচৰিত কৰিলে মোক আন এটা কথাই ছবিখনৰ পৰিচালক এজন বৌদ্ধ লামা, আচলতে এজন ৰিনপোছে! সম্পূৰ্ণ নাম জংচাৰ জাময়াং খ্যেন্টছে ৰিনপোছে
বা বিশ্বৰ বোলছবি জগতত তেওঁৰ চলতি নাম খ্যেন্টছে নৰ্বু
| আচৰিত নহৈ নোৱাৰিলোঁ-এজন লামাইনো কেনেকুৱা চিনেমা বনাব? কৌতুহলে মোক বাধ্য কৰিলে আমেৰিকাৰ কোন কোন চিনেমা হলত চিনেমাখন চলি আছে বিচাৰিবলৈ| কিন্তু সম্ভৱ চিনেমা দেৱতা কিবা কাৰণত মোৰ ওপৰত সুপ্ৰসন্ন আছিল, দেখিলোঁ খুব সোনকালেই চিনেমাখন আমাৰ গেইনছভিল চহৰৰ হিপ�ড্ৰ�ম নামৰ চিনেমা হললৈ আহি আছে! এই আপাহতে জনাই থওঁ, মই এই হিপ�ড্ৰ�ম নামৰ চিনেমা হলটোৰ ওচৰত চিৰকৃতঞ্জ| মোক যে বিশ্বৰ কোন কোন ঠাইৰ কি কি চিনেমা নেদেখুৱালে এই সৰু (৭০ জন বহিব পৰা) চিনেমা হলটোৱে!
|
হিপ�ড্ৰ�ম ষ্টেইট্ থিয়েটাৰ
সি যি কি নহওক, অৱশেষত চিনেমাখন চোৱা হ�ল|ভূটানৰ খা-খবৰ ৰখাসকলে জানিব যে মাত্ৰ কেইবছৰমান আগতেহে ভূটানত টেলিভিছন সেৱা আৰম্ভ হৈছে| অৰ্থাৎ তথাকথিত আধুনিকতা ভূটানত সদ্যজাত| সেই আধুনিকতা আৰু পৰম্পৰাৰ টনা-আঁজুৰাই হৈছে চিনেমাখনৰ কাহিনী| মূল ভূমিকা দন্দুপ যাবলৈ ওলাইছে আমেৰিকালৈ বৈষয়িক স্বচ্ছলতা আহৰণৰ বাবে| মূল যাত্ৰা আৰম্ভ নৌহওঁতেই দন্দুপৰ লগৰীয়া হয়হি এজন ভিক্ষু, এজন ফল বেপাৰী, এজন কাপোৰ বেচোঁতা আৰু তেওঁৰ জীয়েক| এই লোকসকলৰ কাহিনী শুনি আৰু কথা-বতৰা পাতি দন্দুপৰ মন সলনি হয় আৰু সি আমেৰিকাৰ আঁচনি পৰিত্যাগ কৰে| এটা শুনাত সাধাৰণ ধৰণৰ কাহিনী- কিন্তু চাওঁতাই চিনেমাখন চালে বুজিব কেনেকৈ বৌদ্ধ দৰ্শন, মধুৰ সংগীত আৰু অপূৰ্ব অভিনয়ে চিনেমাখন চোৱা সময়খিনি মায়াময় কৰি তোলে| অতি সোনকালেই চিনেমাখনৰ ডি.ভি.ডিখন গোটালোঁ| তাতে আছিল পৰিচালক নৰ্বুৰ স�তে এটা সাক্ষাৎকাৰ| কথা প্ৰসঙ্গত তেওঁ ক�লে বোলে তেওঁ প্ৰথম চিনেমা দেখিছিল ভাৰতৰ কোনোবা এটা ৰেল ষ্টেছনৰ টি.ভিত| সেইখন আছিল বলীৱুডৰ কিবা এখন চিনেমা| মই মনে মনে তেওঁক এটা ধন্যবাদ দিলোঁ জংখা ভাষাত বলীৱুডী চিনেমা নিৰ্মান নকৰাৰ বাবে| বলীৱুডৰ চিনেমাই ইতিমধ্যে ভাৰতীয় মানুহৰ মগজু সফলতাৰে মন্দ কৰিছে, ভূটানৰ দৰে ধুনীয়া দেশ এখনৰ মানুহৰ মগজুত চিনেমাৰে বিকাৰ সৃষ্টি অক্ষমনীয় অপৰাধ হ�ব!

পৰিচালক খ্যেন্টছে নৰ্বু
যি কি নহওক খুব সোনকালেই নৰ্বুৰ পূৰ্বৰ The Cup
নামৰ চিনেমাখনো চালোঁ| দেখিলোঁ যে এইখন আচলতে ট্ৰেভেলাৰজতকৈ ভালহে চিনেমা| একেই অপূৰ্ব সঙ্গীত, অভিনয়ৰ মায়াজাল| এইখনৰ কাহিনী হ�ল কেনেকৈ ফুটবল পাগল এদল ডেকা লামাই তেওঁলোকৰ মঠলৈ মঠৰ কঠোৰ নিয়ম উলংঘা কৰি টি.ভি এটা আনি বিশ্বকাপ ফুটবল চাবলৈ সক্ষম হয়!
দা কাপ
যদি আপুনি ভাল চিনেমা চাই ভাল পায়, আৰু যদি বলীৱুডৰ চিনেমাই ইতিমধ্যে আপোনাক চিনেমা অসংবেদী কৰি দিয়া নাই, আপোনাৰ যদি আমাৰ চুবুৰীয়া ভূটানৰ যৌৱনক কোনে আমনি দিছে জনাৰ খুব এটা আগ্ৰহ নাই, তেনেহ�লে এই চিনেমাদুখন আপোনাৰ বাবে!


October 23rd, 2007 at 4:08 am
Nice … got really tempted to watch this movie..