ইংৰাজীৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুগৰাকী কবিয়ে লিখা দুটা কবিতা অনুবাদ কৰিলোঁ| প্ৰথমটো মই ১৯৯৮ চনত অনুবাদ কৰা, দ্বিতীয়টো এইকেইদিনতঃ

 


১. আমাৰ প্ৰশ্ন আৰু তোমালোকৰ মৌনতা

(মূলঃ মনালিচা চাংকিজা)

 

হয়| মই দেখিছোঁ আমাৰ ধাননিবোৰ
ৰুপান্তৰিত হোৱা কাৰখানালৈ,
দেখিছোঁ উৰ্বৰ সেউজ পাহাৰবোৰ
অনুৰ্বৰ, উৰুঙা হোৱা;
আমাৰ নদীবোৰ শুকাই যোৱা
ৰূপালী মাছবোৰে
ছটফটাই বালিত মৃত্যু সাবটি লোৱা|

 

মই দেবদাৰুবোৰৰ গোন্ধ নোপোৱা হৈছোঁ
নুশুনা হৈছোঁ ডঁৰিক আৰু ধনেশ চৰাইৰ মাত|

 

তোমালোকে মোক ক’ব বিচাৰা
আমি হেনো ক্ষিপ্ৰতাৰে ধাৱমান ২১ শতিকাৰ ফালে,
আৰু কেতিয়াও ক’বলৈ নাপাহৰা যে
তোমালোকে আনিলা প্ৰগতি, কল-কাৰখানা আৰু
আধুনিকতা
আমাৰ আদিবাসী সমাজলৈ;

 

কিন্তু নাজানোঁ তোমালোক নিশ্চুপ হৈ কিয় ৰোৱা
যেতিয়া কওঁ আমি ভোকাতুৰ!

 


২. গঞা ছোৱালী

(মূলঃ গাম্ভিনী দেৱী এছ্)

 

নেমেলোঁ মোৰ চুলিটাৰি
মই গঞা ছোৱালী
গঞা ছোৱালীয়ে নেমেলে তাহাঁতৰ চুলি
একোছাও চুলি নোৱাৰে নিব
বতাহে উৰুৱাই|

 

মই নেচাওঁ
আন্ধাৰ ৰাতিৰ
সোনালী তৰাটোৰ ফালে|
মই গঞা ছোৱালী,
গঞা ছোৱালীয়ে নেচায় আকাশলৈ মূৰ তুলি,
আমাৰ বাবে
নপৰে এটাও তৰা খহি|

 

পুৱাৰ নিয়ৰসনা ঘাহঁনিত
মই খোজ নেকাঢোঁ
আমাৰ বাবে
নপৰে এটোপালো নিয়ৰ সৰি
আমি গঞা ছোৱালী,
আমাৰ ভৰিত
পুৱাৰ ফুল এপাহো নপৰে সৰি|
সেয়ে আমি
ফুলা ফুলৰ গোন্ধত নাহাঁহো
আমি প্ৰাণখুলি হাঁহো
যেতিয়া আমি গোন্ধ পাওঁ সোণালী শইচ আৰু বোকাৰ,
আইৰ চুলিটাৰি বুলোৱা
জুহালৰ এঙাৰ|
আমি গঞা ছোৱালী|

সদায়েই কওঁ, আমেৰিকালৈ আহি হোৱা এটা লাভ হল বিভিন্ন সংস্কৃতিৰ সতে হোৱা মই পোৱা নিবিড় সান্নিধ্য| বিভিন্ন সংস্কৃতিৰ গীত-সঙ্গীত শুনি যি আমেজ পাইছোঁ, সি অনবদ্য| আন গীত মাতৰ মাজত এগৰাকী বিদেশী গায়িকাই মোক বাৰে বাৰে উত্তেজনা আৰু আবেগত মূক কৰি তুলিছে| টাইৱানত জন্মলাভ কৰা গায়িকা টেৰেছা টাং বা টাং লি জ্জুনে (চীনা ভাষাত );প্ৰায় ৩০ বছৰ চীন, টাইৱান, জাপান, থাইলেন্ড| ইন্ডোনেছিয়াত লাখ লাখ সঙ্গীতপ্ৰেমীৰ মন চুই ১৯৯৫ চনত থাইলেন্ডত এখন সঙ্গীতমেলৰ মাজতে মৃত্যবৰণ কৰে| ১৯৭০ ৰ পৰা ৯০ৰ দশকলৈকে অসংখ্য আধুনিক আৰু লোকগীত গাই তেওঁ পূব এছিয়াত সাংঘাটিক জনপ্ৰিয় হয়| এসময়ত চীনত কোৱা হৈছিল যে চীনত দিনত ডেং-জিয়াও-পিঙে শাসন কৰে আৰু ৰাতি টাং লি জ্জুনে| প্ৰশ্ন হয়, আমি কিয় এইগৰাকী গায়িকাৰ গীত শুনিবলৈ নাপালোঁ| যি দেখিছোঁ বলীউড, ৮০ৰ ৰাজনৈতিক ভাৰসাম্যহীনতা আৰু পূব এছিয়াৰ প্ৰতি কিছু পৰিমাণে থকা হীন মনোবৃত্তিয়ে আমাক সেই সময়ৰ সেই অঞ্চলৰ কলা সংস্কৃতিক কেতিয়াও ৰসাস্বাদন কৰিবলৈ নিদিলে| যি কি নহওক, মোৰ পৰিচয় টাং লি জ্জুনৰ লগত, তেখেতৰ থিয়ান মি মি নামৰ গীতটিৰ যোগেদি, যাৰ অৰ্থ হমৌ মিঠা| অত্যন্ত সহজ সুৰেৰে গঁথা এই গীতটিয়ে শুনি শুনি মই কম সময়তে গীতটি গাই চীনা বন্ধুসকলক চমক দিব পৰা হলোঁ|

 

Loading...

 

মোৰ অন্যতম প্ৰিয় বোলছবি “Comrades: Almost a Love Story” খনৰ কাহিনীটো মৌ মিঠা নামৰ গীতটিৰ আলমত| আন এটা গান জোনে মোৰ হৃদয়ৰ কথা কয় মোৰ আন এটা প্ৰিয় গীত|

 

Loading...

 

টেৰেছা টাং এসময়ত বিখ্যাত হংকঙীয় নায়ক জেকী চ্চেনৰ প্ৰমিকা আছিল| দুয়োৰে মাজৰ সম্পৰ্ক অৱশ্যে অত্যন্ত তিক্ততাপূৰ্ণ আছিল| এইবছৰ জেকী চ্চেনে টেৰেছাৰ পূৰণি গীত এটিত স্পেছিয়েল এফেক্টেৰে দ্বৈত ৰূপত বাণীবদ্ধ কৰি টেৰেছা টাঙৰ ওচৰত নিজৰ শিশুসুলভ ভুলবোৰৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছে|

 

Loading...

 

Loading...

অলপদিন আগতে আমাৰ ডিপাৰ্টমেন্টৰ মেইল ৰুমটোত কিবা খুচৰি থাকোঁতে এটা আচৰিত টোপোলা পালোঁ| ওপৰত লিখা আছে “জৰুৰীকালীন অৱস্থাৰ বাবে”| কৌতুহলবশতঃ টোপোলাটো খুলি দেখোঁ তাত কেইটামান খোৱা বস্তুৰ টেমা, পপকৰ্ণ, আৰু ইনচ্টেন্ট কফিৰ পেকেট| অফিছৰ মানুহগৰাকীক (নামটো জ’ন) সুধি জানিব পাৰিলোঁ তেৱেঁই টোপোলাটো তাত থৈ দিছে যাতে কিবা কাৰণত কোনোবা যদি আমাৰ বিল্ডিংটোত আবদ্ধ হৈ থাকিব লগা হয়, আমাৰ খাবলৈ অন্ততঃ কিবা এটা থাকে!
ভাবিবলৈ ধৰিলোঁ কি ধৰণৰ অৱস্থাৰ কথা চিন্তা কৰি টোপোলাটো তাত থোৱা হৈছে! ভদ্ৰমহিলাৰ বয়স ষাঠিত, গতিকে অনুমান কৰিব পাৰি শীতল যুদ্ধৰ প্ৰভাৱ তেখেতৰ মূৰৰ পৰা এতিয়াও যোৱা নাই| কিজানি ৰাছিয়াই পাৰমানৱিক আক্ৰমণ কৰেই! (আৰু যদি কৰেই, আমি আমাৰ মেইল ৰুমত বহি বহি নিৰাপদে পপকৰ্ণ আৰু কফি খাই থাকিম )
নতুবা, ৯-১১ ৰ আক্ৰমণৰ দৰে কোনোবা সন্ত্ৰাসবাদীৰ আক্ৰমণ! নতুবা ভাৰ্জিনিয়া টেক্ বা কলম্বাইনৰ দৰে হাতত স্বয়ংক্ৰিয় অস্ত্ৰ লোৱা উন্মক্ত ছাত্ৰৰ পণবন্দীৰ নাটক! মিনিটৰ ভিতৰতে গম পালোঁ আমেৰিকাত অপঘটনাৰ অভাৱ নাই| আমেৰিকাৰ নিজা ৰাজনীতি আৰু কূটনীতিয়ে ইমানবোৰ ঘৰচীয়া আৰু ভেৰোণীয়া অপঘাটকাৰীৰ জন্ম দিছে যে, ইয়াত যিকোনো ঘটনাই সম্ভৱ| এইবোৰ ভাবি থাকোঁতেই ইন্টাৰনেটত দেখোঁ আমেৰিকাই কেৱল জাপান আৰু চীনদেশকেই প্ৰায় ৫০০ বিলিয়ন ডলাৰ ধাৰ ওভোটাবলৈ বাকী আছে| তাতে কেৱল ইৰাক যুদ্ধৰ নামতে এতিয়ালৈকে খৰচ হৈছে ৪৬০ বিলিয়ন ডলাৰ|

 

 

এনে ধৰণৰ অৱস্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ধৰুৱা হিচাবে আমেৰিকাৰ ওপৰত আস্থা কমাই দিছে| চীনে ইতিমধ্যে আমেৰিকাক দেনাৰ বাবে তাগিদা দিছেই| এই মূহুৰ্ত্তত আমেৰিকাই সকলো খাদ্যসামগ্ৰী আমদানি কৰে| কেনেবাকৈ যদি আমেৰিকা দেউলীয়া যাবলৈ হয়, আমেৰিকাত খাদ্যসঙ্কটে দেখা দিয়াৰ সম্ভাৱনা ১০০%| অৰ্থাৎ তেনে অৱস্থাত আমেৰিকাত খাই-বৈ থকা লোকৰ সংখ্যা হ’ব তিনিজন| মহামান্য বুশ্ব ডাঙৰীয়া, আৰু ফ্লৰিডা বিশ্ববিদ্যালয়ৰ লিঙ্গুইষ্টিকছৰ মেইল ৰুমত মই আৰু জ’ন |

ভাল চিনেমা চোৱা মোৰ হেঁপাহ প্ৰবল| জাহ্নু বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, সঞ্জীৱ হাজৰিকা আদিৰ বোলছবি আৰু গৌতম বৰুৱাৰ তথ্যচিত্ৰ আৰু ৱশ্ববিপ� আদি চিনেমা সৰুতেই দূৰদৰ্শনৰ কৃপাত চোৱা হৈছিল| ৱশ্ববিপ�ৰ উজ্জল ৰংবোৰ এতিয়াও চকুত লাগি আছে| সেইখন চিনেমা চোৱাৰ বহু দশকৰ পাছত আন এখন চিনেমা চালোঁ নামটো হ�ল Travelers and Magicians

 


 

 

ট্ৰেভেলাৰজ্ এন্ড মেজিছিয়ানজ্


 

 

 

 

থাওকতে চিনেমাখন চোৱাৰ আঁৰৰ কাহিনীটো কৈ থওঁ| ইন্টাৰনেটৰ জৰিয়তে কৰোবাত কেনেবাকৈ ছবিখনৰ ৱেবছাইটটো পালোগৈ| তাতে ছবিখনৰ ট্ৰেইলাৰ দেখিয়েই মুগ্ধ হ�লোঁ| ছবিখনে মোক আকৰ্ষিত কৰাৰ আন এটা কাৰণ হ�ল ছবিখন নিৰ্মান কৰিছে ভূটানত আৰু নিৰ্মান কৰা হৈছে ভূটানৰ ৰাষ্ট্ৰীয় ভাষা জংখাত| তাতোকৈ আচৰিত কৰিলে মোক আন এটা কথাই ছবিখনৰ পৰিচালক এজন বৌদ্ধ লামা, আচলতে এজন ৰিনপোছে! সম্পূৰ্ণ নাম জংচাৰ জাময়াং খ্যেন্টছে ৰিনপোছে বা বিশ্বৰ বোলছবি জগতত তেওঁৰ চলতি নাম খ্যেন্টছে নৰ্বু | আচৰিত নহৈ নোৱাৰিলোঁ-এজন লামাইনো কেনেকুৱা চিনেমা বনাব? কৌতুহলে মোক বাধ্য কৰিলে আমেৰিকাৰ কোন কোন চিনেমা হলত চিনেমাখন চলি আছে বিচাৰিবলৈ| কিন্তু সম্ভৱ চিনেমা দেৱতা কিবা কাৰণত মোৰ ওপৰত সুপ্ৰসন্ন আছিল, দেখিলোঁ খুব সোনকালেই চিনেমাখন আমাৰ গেইনছভিল চহৰৰ হিপ�ড্ৰ�ম নামৰ চিনেমা হললৈ আহি আছে! এই আপাহতে জনাই থওঁ, মই এই হিপ�ড্ৰ�ম নামৰ চিনেমা হলটোৰ ওচৰত চিৰকৃতঞ্জ| মোক যে বিশ্বৰ কোন কোন ঠাইৰ কি কি চিনেমা নেদেখুৱালে এই সৰু (৭০ জন বহিব পৰা) চিনেমা হলটোৱে!

 

|

 

হিপ�ড্ৰ�ম ষ্টেইট্ থিয়েটাৰ

 


 

সি যি কি নহওক, অৱশেষত চিনেমাখন চোৱা হ�ল|ভূটানৰ খা-খবৰ ৰখাসকলে জানিব যে মাত্ৰ কেইবছৰমান আগতেহে ভূটানত টেলিভিছন সেৱা আৰম্ভ হৈছে| অৰ্থাৎ তথাকথিত আধুনিকতা ভূটানত সদ্যজাত| সেই আধুনিকতা আৰু পৰম্পৰাৰ টনা-আঁজুৰাই হৈছে চিনেমাখনৰ কাহিনী| মূল ভূমিকা দন্দুপ যাবলৈ ওলাইছে আমেৰিকালৈ বৈষয়িক স্বচ্ছলতা আহৰণৰ বাবে| মূল যাত্ৰা আৰম্ভ নৌহওঁতেই দন্দুপৰ লগৰীয়া হয়হি এজন ভিক্ষু, এজন ফল বেপাৰী, এজন কাপোৰ বেচোঁতা আৰু তেওঁৰ জীয়েক| এই লোকসকলৰ কাহিনী শুনি আৰু কথা-বতৰা পাতি দন্দুপৰ মন সলনি হয় আৰু সি আমেৰিকাৰ আঁচনি পৰিত্যাগ কৰে| এটা শুনাত সাধাৰণ ধৰণৰ কাহিনী- কিন্তু চাওঁতাই চিনেমাখন চালে বুজিব কেনেকৈ বৌদ্ধ দৰ্শন, মধুৰ সংগীত আৰু অপূৰ্ব অভিনয়ে চিনেমাখন চোৱা সময়খিনি মায়াময় কৰি তোলে| অতি সোনকালেই চিনেমাখনৰ ডি.ভি.ডিখন গোটালোঁ| তাতে আছিল পৰিচালক নৰ্বুৰ স�তে এটা সাক্ষাৎকাৰ| কথা প্ৰসঙ্গত তেওঁ ক�লে বোলে তেওঁ প্ৰথম চিনেমা দেখিছিল ভাৰতৰ কোনোবা এটা ৰেল ষ্টেছনৰ টি.ভিত| সেইখন আছিল বলীৱুডৰ কিবা এখন চিনেমা| মই মনে মনে তেওঁক এটা ধন্যবাদ দিলোঁ জংখা ভাষাত বলীৱুডী চিনেমা নিৰ্মান নকৰাৰ বাবে| বলীৱুডৰ চিনেমাই ইতিমধ্যে ভাৰতীয় মানুহৰ মগজু সফলতাৰে মন্দ কৰিছে, ভূটানৰ দৰে ধুনীয়া দেশ এখনৰ মানুহৰ মগজুত চিনেমাৰে বিকাৰ সৃষ্টি অক্ষমনীয় অপৰাধ হ�ব!

 


 

 

পৰিচালক খ্যেন্টছে নৰ্বু

 


 

যি কি নহওক খুব সোনকালেই নৰ্বুৰ পূৰ্বৰ The Cup নামৰ চিনেমাখনো চালোঁ| দেখিলোঁ যে এইখন আচলতে ট্ৰেভেলাৰজতকৈ ভালহে চিনেমা| একেই অপূৰ্ব সঙ্গীত, অভিনয়ৰ মায়াজাল| এইখনৰ কাহিনী হ�ল কেনেকৈ ফুটবল পাগল এদল ডেকা লামাই তেওঁলোকৰ মঠলৈ মঠৰ কঠোৰ নিয়ম উলংঘা কৰি টি.ভি এটা আনি বিশ্বকাপ ফুটবল চাবলৈ সক্ষম হয়!

 


 

 

দা কাপ

 


 

যদি আপুনি ভাল চিনেমা চাই ভাল পায়, আৰু যদি বলীৱুডৰ চিনেমাই ইতিমধ্যে আপোনাক চিনেমা অসংবেদী কৰি দিয়া নাই, আপোনাৰ যদি আমাৰ চুবুৰীয়া ভূটানৰ যৌৱনক কোনে আমনি দিছে জনাৰ খুব এটা আগ্ৰহ নাই, তেনেহ�লে এই চিনেমাদুখন আপোনাৰ বাবে!

ডিচেম্বৰ মাহত “এখন নেখেলা খেল” বুলি এটা ব্লগ লিখিছিলোঁ| তাৰ ঠিক পাছতেই আমাৰ বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় (আমেৰিকান) ফুটবলৰ চেম্পিয়ন হয়| সেইদিনা ৰাতি আমাৰ ইয়াত চবৰে যি ফূৰ্ত্তি| আমি কেইটামানে খেল শেষ হোৱাৰ ১০ মিনিটমান আগতে গম পালোঁ যে আজি আমাৰ জিকা ধুৰূপ| গতিকে লগে লগে দৌৰ মাৰিলোঁ য়ুনিভাৰ্চিটি এভিনিউলৈ| তাত এটা দুটা মানুহ ইতিমধ্যে আহিছে| দহ মিনিটমানৰ ভিতৰতে পথটোত হেজাৰ হেজাৰ মানুহ ওলাই আহিল আমাৰ জিকাৰ উৎসৱ পাতিবলৈ| বিয়াৰ, মদ আদিৰ একপ্ৰকাৰ বানপানী আৰম্ভ হ’ল| চবেই “ইটচ্ প্ৰাউড টু বি এ ফ্লৰিডা গে’টৰ” বুলি সমস্বৰে চিঞৰিবলৈ ধৰিলে| এটা ভাবিব নোৱাৰা অবস্থা| নিজৰ বস্তুবোৰক লৈ মানুহবোৰৰ ইয়াত কিমান গৰ্ব, কিমান উৎসাহ| সেইদিনা চহৰখনৰ পঞ্চাশহেজাৰ মানুহৰ ত্ৰিশহেজাৰ হেনো ৰাস্তাত| যোৱাবছৰ আমি একেলগে বাস্কেটবল আৰু ফুটবলৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হ’লোঁ|

 

 

পাছে কাহিনীৰ তাতেই শেষ নহয়| এইবছৰ আকৌ আমি বাস্কেটবলৰ ছেমি-ফাইনেলত| ৩১ মাৰ্চত খেল আছে ইউ.চি.এল.এ ৰ বিপক্ষে| আমাৰ সৰু চহৰখনত তাৰ বাবে উদুলি মুদুলি অৱস্থা| আমাৰ চবৰে মাজত এতিয়া মাথোঁ শনিবাৰে কি হ’ব কি নহ’ব তাৰ আলোচনা| এই আপাহতে কৈ থওঁ যে বাস্কেটবল বা ফুটবলৰ লগত জড়িত অৰ্থনৈতিক দিশটো বিয়াগোম| যেনে ধৰক পাপা জ’নছ্ নামৰ পিজ্জা কোম্পানীটোৰ মতে এই বাস্কেটবলৰ বতৰত মুঠতে আমেৰিকান সকলে প্ৰতিখন খেলৰ সময়ছোৱাত প্ৰায় ১০০ একৰকৈ পিজ্জা খাব| যিখিনি পিজ্জাই ৯২৬০০০খন বাস্কেটবলৰ পথাৰ ভৰাই দিব পাৰিব| বিভিন্ন পানীয়, বিয়াৰ, মদৰ কথা নকলোৱেই এথোন| তথাপি আজিকোপতি কোনো বাস্কেটবলৰ প্ৰশিক্ষকক কোনো কাৰণতে মই নেলু টেপি হত্যা কৰা শুনা নাই| কোনো বিজিত দলৰ খেলুৱৈৰ ঘৰৰ আইনা শিলগুটি দলিয়াই ভঙা শুনা নাই| এইবোৰ দেখি-শুনি মাফিয়াই আওপকীয়াকৈ খেলা ক্ৰিকেটে আমাৰ আৰু গা গৰম কৰিব নোৱাৰে, আৰু উত্তেজনা আনিব নোৱাৰে|

 

 

আমেৰিকালৈ প্ৰথম প্ৰথম আহি এই ফুটবল শব্দটোৱে কেবাবাৰো উজুটি খুৱাই থৈছে। আমাৰ অসম দেশত ফুটবল বুলিলে আমি সাধাৰণতে বাইশজন খেলুৱৈয়ে ভৰিৰে বল এটা গুৰিয়াই গুৰিয়াই খেলা খেলখন বুজোহঁক। কিন্তু আমেৰিকাত আকৌ সেইবিধ খেলক ছকাৰহে বোলে। ফুটবল নামটো আন এবিধ খেলৰ বাবেহে প্ৰযোজ্য। এইবিধ খেলত বলটোৰ আকাৰ ঘূৰণীয়া হওক চাৰি ঠিক কৰ্দৈটোৰ লেখীয়া। খেলখনত বলটো হাতেৰে, ভৰিৰে কাবু কৰি প্ৰতিপক্ষৰ এলেকালৈ নিয়াটোৱেই হ’ল লক্ষ্য। তাকে কৰোঁতে খেলুৱৈসকলে ইজনে সিজনক মুষ্টিযুদ্ধ ধৰণৰ কায়দাৰে বাধা দিয়া ইত্যাদিবোৰ নিয়মভূক্ত। আন কথাত ক’বলৈ গ’লে খেলখন পালোৱানী, দৌৰ, হাত চাফাই ইত্যাদি বিভিন্ন কৌশলৰ সমাহাৰ।

 

 

আমেৰিকান সকল এই খেলখনৰ পৰম ভক্ত বা ‘ফেন’। সাধাৰণতে সকলো আমেৰিকানৰে নিজৰ পছন্দৰ এটা দল থাকে। বিশ্ববিদ্যালয় পৰ্য্যায়ত সাধাৰণতে আমেৰিকানসকল নিজে পড়ি অহা বিশ্ববিদ্যালয়খনৰ ভক্ত হয়। তাতে আকৌ কিছুমান বিশ্ববিদ্যালয়ত এইবিধ ফুটবলৰ প্ৰতিপত্তি বেছি। যেনেকৈ আমি পড়ি থকা ফ্লৰিডা বিশ্ববিদ্যালয়ৰ নিজা ফুটবলৰ এটা ধাৰাই আছে। তাতে আকৌ ফুটবলৰ পথাৰৰ পৰা আৰম্ভ হোৱা কিছুমান খিয়লা-খিয়লিও গৈ ব্যক্তিগত পৰ্য্যায় পায়গৈ। যেনে ধৰক ফুটবলৰ ক্ষেত্ৰত আমাৰ ফ্লৰিডা বিশ্ববিদ্যালয় টেনেছি আৰু দক্ষিণ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ চিৰবৈৰী। এই শত্ৰুতা যোৱা এশবছৰে চলি আহিছে। এবাৰ কিবা কাম এটাত টেনেছি ৰাজ্যৰ অন্তৰ্গত এটা এয়াৰপৰ্টত কিছুসময় ৰ’বলগা হৈছিল। মই আকৌ কিবা ভাগ্যৰ বলত ফ্লৰিডা বিশ্ববিদ্যালয়” বুলি লিখা টি-ছাৰ্ট এটা পিন্ধি আছিলোঁ।প্লেনত উঠাৰ আগতে শাৰী পাতোতে হঠাত সন্দেহ হ’ল ক’ৰবাত ভুল শাৰীত থিয় হৈছোহি বুলি। সন্মুখৰ মানুহজনক সুধিলোঁ, “এইখন অমুক ঠাইলৈ যোৱা প্লেনৰ শাৰী হয়নে?” ভদ্ৰলোকে তভক মাৰি মোৰ টি-ছাৰ্টটোলৈ চালে আৰু হাঁহি এটা মাৰি ক’লে, “সাধাৰণতে শত্ৰুৱে প্ৰশ্ন সুধিলে আমি সঁচা তথ্য নিদিও, কিন্তু তোমাক বেছ ভাল মানুহ যেনেই লাগিছে কাৰণে উত্তৰটো দিছোঁ, তাতে কাইলৈ আমাৰ মাজত খেলো আছে, বুজিছাই নহয় আজি হাৱা গৰম হৈ আছে।” শাৰীৰ সকলোৱে হো-হোৱাই হাঁহিলে আৰু ভদ্ৰলোকৰ কথাখিনিত মুৰ দোঁৱাই সমৰ্থন দিলে।

আমাৰ বিশ্ববিদ্যালয়খনৰ প্ৰতীক হ’ল এলবাৰ্ট বোলা এটা মৰম লগা ঘৰিয়াল। সেয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক বোলা হয় গে’টৰ বা ঘৰিয়াল বুলি। বিশ্ববিদ্যালয়খনত পড়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই নিজকে এজন ঘৰিয়াল বুলি কৈ বৰ গৰ্ব্ব কৰে। অলপ দিন আগতে আন এখন চহৰলৈ যাওঁতে আকৌ এটা ফ্লৰিডা বিশ্ববিদ্যালয়” বুলি লিখা টি-ছাৰ্ট পিন্ধি গ’লোঁ। ক’ৰবাত অলপপৰ ৰৈ থাকোতে মোৰ ফালে মিচিকিয়াই হাঁহি আলৰ বুঢ়া লোক এজন লাখুটিত ভৰ দি দি আহিলে। “ইচ্, তুমি ঘৰিয়াল নহয়নে, এহ কিমান যে ভাল লাগিছে, মই তেপ্পন্ন চনতে তাত পঢ়া বুইছা, আহাচোন আঁহা তোমাক বিয়েৰ এটাকে খুৱাওঁ।” কিবা সতে ভদ্ৰলোকৰ মৰমক নেওচা দি আঁতৰি আহিলোঁ। আহিবৰ সময়ত ঘৰিয়াল বিশ্ববিদ্যালয়ৰ সম্ভাষণ গ’ গে’টৰচ্ বা “আগবাঢ়া ঘৰিয়াল” দি আহিলোঁ, তেৱোঁ সমান উৎসাহেৰে উত্তৰ দিলে। মুঠৰ ওপৰত ইয়ালৈ আহি ঘৰিয়াল নোহোৱাকৈ থাকিব নোৱাৰি। চহৰখনৰ বিভিন্ন ঠাইত লিখা আছে, “আমাৰ ইয়াত হয় তুমি ঘৰিয়াল, নহয় ঘৰিয়ালৰ চিকাৰ”। ঘৰিয়ালৰ চিকাৰ হোৱাৰ হাবিয়াস সৰহ সংখ্যকৰে নাই ছাগে।